NORTHEAST NOW (Assamese)
অসম

জিএনএলএৰ সকলো সদসই আত্মসমৰ্পন কৰাটো বিচাৰে চেম্পিয়ন চাংমাই

Posted by: এন ই নাও নিউজ March 23, 2018 12:26 pm
GNLA-chief-Champion-Sangma-1-570x320

গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (জিএনএলএ)ৰ কাৰাৰুদ্ধ অধ্যক্ষ চেম্পিয়ন চাংমাই বাকী সকলো বিদ্ৰোহী সদস্যকে আত্মসমৰ্পন কৰাৰ বাবে আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত মুক্তিৰ বাবে সাজু হৈ উঠিছে চাংমা।

বৃহস্পতিবাৰে শ্বিলঙত আদালতত হাজিৰ কৰাবলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত চেম্পিয়ন চাংমাই ব্যক্ত কৰে যে জিএনএলএৰ বাকী বিদ্ৰোহী সদস্যসকলে মুকলিলৈ ওলাই আহি ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰাটো তেওঁ বিচাৰিছে।

তেওঁৰ অধিবক্তা সুজিত দে লৈ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰাক্তন বিদ্ৰোহী নেতাগৰাকীয়ে কয় যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে।

চাংমাই লগতে স্পষ্ট কৰি দিয়ে যে সক্ৰিয় ৰাজনীতিত শীঘ্ৰেই যোগ দিয়াৰ তেওঁৰ কোনো পৰিকল্পনা নাই।

যোৱা মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিয়া এক কঠোৰ নিৰ্দেশত প্ৰাক্তন মেঘালয় আৰক্ষীৰ বিষয়া তথা বিদ্ৰোহী চেম্পিয়ন আৰ চাংমাক অবৈধ ডিটেনশ্যন কেম্পত ৰখাৰ বাবে মেঘালয় চৰকাৰক সমালোচনা কৰিছে আৰু শীঘ্ৰেই তেওঁক মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিছে।

২০১২ চনৰ জুলাইত বাংলাদেশৰ মৈমনসিঙৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৱেদনকাৰী চেম্পিয়ন চাংমাৰ বিৰুদ্ধে বিভিন্ন আৰক্ষী থানাত কেইবাটাও অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে আৰু এই গোচৰবোৰৰ বেছিভাগতে বিদ্ৰোহী নেতাগৰাকীক দোষমুক্ত কৰা হৈছে বা অব্যাহতি দিয়া হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়াও পৰি থকা কিছুমান গোচৰত জিএনএলএৰ মুৰব্বীগৰাকীক জামিন মঞ্জুৰ কৰা হৈছিল। একমাত্ৰ অভিযোগনামা দাখিল কৰা (১১/২০১২নং) গোচৰ জি আৰ নং ৭২/২০১১ত তেওঁক মুক্ত কৰা হোৱা নাই।