NORTHEAST NOW (Assamese)
অসম

জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চিৰাৰ শেষকৃত্য সম্পন্ন : চিমচাং নৈ পাৰৰ চাচাতগ্ৰে’ গাঁৱত উবুৰি খাই পৰিল গাওঁবাসী

Posted by: চাইদুল খান February 25, 2018 8:29 pm
GNLA commander-in-chief Sohan D. Shira

নিহত জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চ’হান দি চিৰা (৪১ বছৰীয়া)ৰ শেষকৃত্য আজি পূব গাৰো পাহাৰৰ ৱিলিয়ামনগৰ চহৰৰ চিমচাং নৈৰ পাৰৰ চাচাতগ্ৰে’ গাঁৱত সম্পন্ন কৰা হয়।

ৱিলিয়ামনগৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত আজি দুপৰীয়া দেৰমান বজাত চিৰাৰ মৃতদেহ পৰিয়ালক চমজাই দিয়া হয়। নিহত উগ্ৰপন্থী নেতাজনৰ মৃতদেহ চাবলৈ মৰ্গৰ বাহিৰত বহু ঘণ্টাধৰি অপেক্ষা কৰি ৰয় বহুসংখ্যক লোক।

তেওঁৰ নিথৰ দেহ তেওঁৰ পত্নীৰ ঘৰলৈ লৈ যোৱাৰ পিছতে চমু এক প্ৰাৰ্থনা অনুষ্ঠানৰ অন্তত মাকৰ ইচ্ছা অনুসৰি চিৰাৰ দেউতাক গলেন্দ্ৰ তি চাংমাৰ সমাধিৰ কাষতে চিৰাৰো শেষকৃত্য সম্পন্ন কৰা হয়।

চিৰাৰ ক্ষতবিক্ষত মুখমণ্ডল জোৰা লগাবলৈকে চিকিৎসকসকলৰ বহু সময় লাগে। দেউতাকৰ ক্ষত-বিক্ষত মৃতদেহ দেখি শোকে খুন্দা মাৰি ধৰি চিৰাৰ ১৭ বছৰীয়া জীয়ৰীয়ে ‘এয়া মোৰ দেউতা নহয়’ বুলি চিঞৰি উঠি কান্দোনত ভাগি পৰে।

মৃতদেহ সৎকাৰৰ সময়ত অচেতন হৈ পৰি থাকে চিৰাৰ পত্নী।

মৃতদেহ থকা কফিনৰ কাষতে বহু সময় ঠৰ লাগি বহি থকা চিৰাৰ আশী বছৰীয়া মাকে কান্দি কান্দি কয়, ‘বোপাই তই হাবিত থকাটো মই কাহানিও বিচৰা নাছিলো। গৈছিলিনিনো কেলে?’

চিৰাৰ মৃতদেহ সৎকাৰৰ সময়ত চ্চাতগ্ৰে’ গাওঁবাসী উবুৰি খাই পৰে।

চিৰাৰ ডাঙৰ বায়েক অৰুণা দি চিৰাই কয়, ‘শান্তি আলোচনাৰ বাবে চৰকাৰ আগবাঢ়ি অহা হ’লে চ’হানৰ উভতি আহিবলৈ ইচ্ছা আছিল।’

তেওঁ লগতে জনায় যে শেহতীয়াকে কেন্দ্ৰীয় চৰকাৰৰ দুজন বিষয়াই চিৰাক মূলসুঁতিলৈ ঘূৰি আহিবলৈ বুজাবলৈ তেওঁক অনুৰোধ কৰিছিল। ‘মই তাক বুজাবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰিছিলো। কিন্তু সি মানি ল’বলৈ ৰাজি নাছিল। আগতে হোৱা অভিজ্ঞতাৰ কাৰণে চৰকাৰৰ ওপৰত তাৰ আস্থা নাছিল।’

অধুনালুপ্ত আচিক নেশ্বনেল ৱলান্তীয়াৰ্চ কাউন্সিলৰ প্ৰাক্তন সদস্য চিৰা ২০১৪ চনত মূলসুঁতিলৈ ঘূৰি আহিছিল। কিন্তু অভিযোগমতে নিৰাপত্তা বাহিনীসমূহৰ আতিশৰ্য্যৰ বাবে তেওঁ বিৰাট অসুবিধা পাব লগা হৈছিল।

অৰুনাই লগতে কয়, ‘তাৰ কাম আৰু ব্যৱসায়ত বাধা দি অহা বাবে চৰকাৰ আৰু নিৰাপত্তা বাহিনীসমূহক লৈ সি অসন্তুষ্ট আছিল।’

মেঘালয়ৰ ম’স্ত ৱন্তে’দ উগ্ৰপন্থী চিৰাৰ মূৰৰ দাম মেঘালয় আৰক্ষীয়ে দহ লাখ টকা ঘোষণা কৰিছিল।

চিৰাই যোৱা জানুৱাৰিত শেষবাৰৰ বাবে পৰিয়ালক লগ কৰিছিল।