NORTHEAST NOW (Assamese)

জুইত জাহ গ’ল বোকাখাতৰ ইটানন্দ দলেৰ বাসগৃহ

May 16, 2018 8:55 am · উত্তম শইকীয়া

বোকাখাতৰ বহিখোৱা গাঁৱত বুধবাৰে পুৱতি নিশা ইটানন্দ দলে নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। নিমিষতে আৱৰি ধৰা এই জুইত দলেৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়৷

জানিব পৰা মতে ইটানন্দ দলেৰ টিঙৰ চালিৰ চাংঘৰ এটাত আজি পুৱতি নিশা বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে আৰু চাংঘৰটোত ভষ্মীভূত হয়।

উক্ত অগ্নিকাণ্ডৰ ফলত ইটানন্দ দলেৰ ঘৰৰ ভিতৰত থকা সকলো সা-সামগ্ৰীৰ উপৰি সোণৰ আ-অলংকাৰৰে লগতে বহুতো টকাৰ সম্পত্তি জুইত জাহ যায়৷

উল্লেখ্য যে পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ উমান পোৱাৰ লগে লগে স্থানীয় লোকে জুই নুমোৱাবলৈ চেষ্টা কৰে যদিও অসামৰ্থ হয়। পাছত বোকাখাত নগৰৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে এই জুই নিয়ন্ত্ৰন কৰে৷

ইফালে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ইটানন্দ দলেৰ ঘৰৰ কোনো সদস্যৰে কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই বুলি জানিবলৈ পোৱা গৈছে৷

Related News