NORTHEAST NOW (Assamese)
উত্তৰ-পূব

জুনৰ পৰা বাংলাদেশলৈ দুগুন হাৰত বিদ্যুৎ যোগান ধৰিব ভাৰতে

Posted by: এন ই নাও নিউজ February 21, 2018 11:59 am
Bangladesh

চলিত বৰ্ষৰ জুনৰ পৰাই ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক দুগুন হাৰত বিদ্যুৎ যোগান ধৰিব। আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান BusinessLine-এ প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ঢাকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষবৰ্ধন শ্ব্ৰিংলাই এই তথ্য সদৰী কৰিছে।

উল্লেখ্য যে সম্প্ৰতি ভাৰতে বাংলাদেশক দৈনিক হাৰত প্ৰায় ৬৬০ মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে।ইয়াৰে ভিতৰত ৫০০ মেগাৱাট পশ্চিমবংগৰ মুৰ্শ্বিদাবাদৰ ভেৰামাৰা সীমান্তৰে যোগান ধৰাৰ বিপৰীতে বাকীখিনি ত্ৰিপুৰাৰ পৰা যোগান ধৰা হয়।

ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষবৰ্ধন শ্ব্ৰিংলাই প্ৰকাশ কৰা অনুসৰি জুনৰ পৰাই মুৰ্শ্বিদাবাদৰ ভেৰামাৰা সীমান্তৰে চুবুৰীয়া ৰাষ্ট্ৰখনক ১০০০ মেগাৱাট বিদ্যুৎ যোগান ধৰা হ’ব। তেওঁ লগতে কয় যে পশ্চিমবংগৰ উত্তৰ ২৪-পৰগনা জিলাৰে আৰু ৫০ মেগাৱাট বিদ্যুৎ যোগানৰ চেষ্টা অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে ভাৰতত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বাংলাদেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট উন্নত হৈছে।বাৰ্ষিক হাৰত প্ৰায় ২০০০ হেজাৰ বাংলাদেশী শিক্ষাৰ্থীক জলপানী প্ৰদান কৰিছে ভাৰত চৰকাৰে। তদুপৰি বাংলাদেশী নাগৰিকক দিয়া ভিছাৰ সংখ্যা ৫ লাখৰ পৰা বৃদ্ধি কৰি ১৪ লাখ কৰা হৈছে।

শেহতীয়াভাৱে এই বিদ্যুৎ যোগানৰ মাধ্যমেৰে দুয়োখন দেশে পাৰস্পাৰিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত পুনৰ এখোজ আগবাঢ়িলে বুলি প্ৰকাশ কৰিছে ভিন্ন মহলে।