NORTHEAST NOW (Assamese)
অসম

জুন-জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বগীবিল দলঙৰ নিৰ্মাণৰ কাম : ৰে’ল বিভাগৰ মুখ্য অভিযন্তা মহেন্দ্ৰ সিঙ

Posted by: এন ই নাও নিউজ March 19, 2018 10:00 pm

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা বগীবিল দলংখন আগবাঢ়িছে সম্পূৰ্ণ দিশত। অহা জুন-জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব দলঙৰ নিৰ্মাণৰ কাম। সোমবাৰে এই কথা সদৰী কৰে বগীবিল প্ৰকল্পৰ বাবে নিয়োজিত ৰে’ল বিভাগৰ মুখ্য অভিযন্তা মহেন্দ্ৰ সিঙে।

প্ৰাপ্ত তথ্য মতে উত্তৰ পাৰৰ চিচি বৰগাঁৱৰ পৰা বগীবিল দলঙলৈকে ৰেলপথছোৱা সম্পূৰ্ণ হৈ উঠিছে। আৰু বাকী ৰোৱা কাম সম্পূৰ্ণ কৰাৰ বাবে ৰে’ল বিভাগে ক্ষীপ্ৰতাৰে কাম কৰিছে।

আনহাতে অহা ২৮ মাৰ্চত উত্তৰ পাৰৰ ৰে’লপথত পৰীক্ষামূলক ৰে’লৰ ইঞ্জিন চলিব বুলিব জানিব পৰা গৈছে। ২৮ মাৰ্চত ৰেল পথত চলিব লগীয়া পৰীক্ষামূলক কাৰ্যসূচী মুকলি কৰিব ৰেল বিভাগৰ কমিছনাৰে।

লগতে বিভাগীয় সূত্ৰ পৰা জানিব পৰা মতে উক্ত দিনটোত চিচি বৰগাঁও আৰু টঙানী ষ্টেচনৰ মাজত এখন যাত্ৰীবাহী ৰেল ঘোষণা কৰাৰ সম্ভাৱনা আছে। যিটো ধেমাজি লখিমপুৰ বাসীৰ বাবে সু-খবৰ।

উল্লেখযোগ্য যে ৰে’ল বিভাগৰ তৰফৰ পৰা জুন মাহত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি কোৱা হৈছে যদিও আজিলৈকে দলংখনৰ মুঠ ৪১ টা স্পানৰ ৩০ টা স্পানৰ ঢালাইৰ কামহে সম্পূৰ্ণ হৈছে। বাকী ৩১ নম্বৰৰ স্পানৰ কাম চলি থকাৰ লগতে বাকী ১০ টা স্পানৰ কাম সম্পূৰ্ণ বাকী।তেনেস্থলত মুখ্য অভিযন্তাজনে জনোৱা অনুসৰি জুন মাহৰ ভিতৰত ৰে’ল বিভাগে কেনেদৰে কাম সম্পূৰ্ণ কৰিব সেই ক্ষেত্ৰত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।