NORTHEAST NOW (Assamese)
অসম

জুবিন গাৰ্গৰ নতুন একক কণ্ঠত ‘নিজানৰ গান’ মুকলি

Posted by: এন ই নাও নিউজ January 9, 2018 8:56 pm
জুবিন গাৰ্গৰ নতুন একক কণ্ঠত ‘নিজানৰ গান’ মুকলি

অসমৰ এগৰাকী অতি সুপৰিচিত আৰু জনপ্ৰিয় গায়ক জুবিন গাৰ্গে তেওঁৰ মুক্তি পাবলগীয়া নতুন চলচ্চিত্ৰ ‘নিজানৰ গান’ৰ একে নামৰ একক শ্ৰব্য চিডিখন মুকলি কৰে। চলচ্চিত্ৰখন এই মাহতে মুক্তিৰ বাবে সাজু হৈছে।

অসমৰ যোৰহাটত জন্ম গ্ৰহণ কৰা জুবিনে অসমীয়া, বাংলা আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগতো কাম কৰিছে। তেওঁ তামিল, তেলেগু, কানাড়া, মালায়ালম, উৰিয়া, বড়ো, নেপালীকে ধৰি বিভিন্ন ভাষা তথা উপভাষাত গান গাইছে।

তেওঁ ঢোল,গীটাৰ, মেণ্ডোলিন, কীবোৰ্ডৰৰ দৰে বিভিন্ন বাদ্য যন্ত্ৰৰ লগতে বিভিন্ন সুৰীয়া বাদ্যও বজাব পাৰে। জুবিনে কেইবাখনো ছবিত অভিনয়ো কৰিছে।