NORTHEAST NOW (Assamese)

জ্যেষ্ঠ সাংবাদিক মোহন কাকতিৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

March 26, 2018 10:43 pm · এন ই নাও নিউজ

হৃদৰোগত আক্ৰান্ত হৈ জ্যেষ্ঠ সাংবাদিক মোহন কাকতিয়ে সোমবাৰে বিয়লি ৫ বজাত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত কাকতিৰ বয়স ৬৩ বছৰ আছিল বুলি জানিব পৰা গৈছে।

জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এক শোকবাৰ্তাৰ জৰিয়তে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে বিশিষ্ট সাংবাদিক গৰাকীয়ে বিভিন্ন কাকত, আলোচনীত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰি অসমৰ সংবাদ জগতলৈ বহুমূলীয়া অৱদান আগবঢ়াই গৈছে। সাহিত্যৰ ক্ষেত্ৰখনতো জড়িত সাংবাদিক গৰাকীয়ে সম-সাময়িক ঘটনাৱলীৰ নিৰ্মোহ বিশ্লেষণেৰে সংবাদ জগতলৈ বিশিষ্ট সেৱা আগবঢ়াইছে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘সাংবাদিক গৰাকীয়ে আগবঢ়োৱা অৱদান ৰাজ্যখনৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব। মোহন কাকতিৰ বিয়োগ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি।‘

মুখ্য মন্ত্ৰী গৰাকীয়ে বিশিষ্ট সাংবাদিক গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Related News