NORTHEAST NOW (Assamese)
অসম

টংলাৰ সত্তৰোৰ্দ্ধৰ খুলীয়া ভাওনা শিল্পী পুষ্পৰাম নাথৰ কাহিনী

Posted by: ছাজিদ খান January 11, 2018 6:08 pm

তেওঁৰ বাবে বয়স মাত্ৰ এটা সংখ্যাহে কিয়নো বয়সে তেওঁক বলাব পৰা নাই। তেওঁৰ শাৰীৰিক গতিবিধিটো প্ৰভাৱ পেলাব পৰা নাই কিম্বা তেওঁৰ মানসিক শক্তিকো টলাব পৰা নাই। ডিঙিত এখন গামোচা বান্ধি, ধূতি পিন্ধি,গাত এটা কূৰ্তা আৰু ভৰিত চেণ্ডেলেৰ সৈতে তেওঁ চাইকেলত দুটা খৰাহীত মেটমৰা বোজা লৈ চলাই ফুৰা সত্তৰোৰ্দ্ধৰ এই ব্যক্তিজন নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা। নিজৰ জীৱিকাৰ খাতিৰত তেওঁ প্ৰতিদিনে প্ৰায় ৩০ কিলোমিটাৰ পথ চাইকেল চলাই অতিক্ৰম কৰিবলগীয়া হয়।

তেওঁ হৈছে এগৰাকী খুলীয়া ভাওনাৰ শিল্পী পুষ্পৰাম নাথ। টংলা চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত তেওঁ অতি সুপৰিচিত ব্যাক্তি। কিন্তু তেওঁৰ এই পৰিচয় এগৰাকী শিল্পীৰ তুলনাত ঘৰে ঘৰে মূৰ্গীৰ কণী বিক্ৰী কৰি ফুৰা এগৰাকী ব্যৱসায়ী হিচাপেহে অধিক জনাজাত। এই কামটো তেওঁ বিগত ছয় দশক ধৰি নিৰন্তৰ কৰি আহিছে।

এই কৰ্মোদ্যোগী ব্যাক্তিজনৰ জন্ম হৈছিল ১৯৪০ চনত দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৈৰাগীপাৰা গাওঁত। প্ৰতিকূল বতৰতো টংলা চহৰ আৰু ইয়াৰ চুবুৰীয়া অঞ্চললৈ চাইকেল মাৰি কামত ওলাই যোৱাটো তেওঁৰ বাবে এটা নিত্য নৈমিত্তিক ঘটনা।

যিসময়ত টংলা চহৰখন গভীৰ জংঘলেৰে ভৰা আছিল আৰু বাঘৰ দৰে বন্য জন্তু ইয়াত বিচৰণ কৰিছিল সেই সময়ৰ স্মৃতি তেওঁৰ এতিয়াও সজীৱ হৈ আছে। ‘’ এক দশকৰ আগতে টংলাৰ ননৈ নদীৰ ওচৰত এটা বাঘে মোক আক্ৰমণ কৰিছিল, কিন্তু দৈৱক্ৰমে মই বাচি গৈছিলো,’’-নাথে সেই স্মৃতি ৰোমন্থন কৰে।

দেশে স্বাধীনতা লাভ কৰাৰ সময়ৰ কথা তেওঁ এতিয়াও মনত পেলায় আৰু আইতাকৰ সৈতে সাত বছৰীয়া নাথে তেতিয়া ত্ৰিৰংগা পতাকা উৰুওৱা তথা বিদেশী বস্ত্ৰ জ্বলাই দি খাদীক স্বাধীনতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ ঘটনা প্ৰত্যক্ষ কৰিছিল।

কলাইগাওঁৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী প্ৰয়াত পানীৰাম দাস আৰু অসম গণ পৰিষদ দলৰ প্ৰাক্তন নেতা প্ৰয়াত ৰমেশ চন্দ্ৰ চহৰীয়াৰ সৈতে লাভ কৰা সান্নিধ্যৰ স্মৃতি তেওঁৰ এতিয়া সজীৱ হৈ আছে।

এই প্ৰতিবেদকৰে সৈতে হোৱা বাৰ্তালাপত এই বৰ্ষীয়ান শিল্পীগৰাকীয়ে অসমীয়া জনগোষ্ঠীয় লোকগীত আৰু নৃত্তৰ বৰ্তমান স্থিতিকলৈ অসন্তুষ্টি প্ৰকাশ কৰে। স্থানীয় পঞ্চায়তৰ কাৰ্যালয় আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ তাঁত বাটি কাঢ়িও এতিয়ালৈকে শিল্পীগৰাকীয়ে বৃদ্ধ পেন্সন বা স্বীকৃতিৰ কোনো আশাৰ ৰেঙণি দেখা নাই।