NORTHEAST NOW (Assamese)

টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত কাকপথাৰ আৰক্ষীৰ সুৰাভৰ্তি গাড়ী জব্দ

July 28, 2018 9:57 am · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথেদি দৈনিক সৰবৰাহ হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা। এই স্থানত বহু দিন ধৰি নিৰ্বিঘ্নে চলি আহিছে অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়। কালি নিশাৰ ভাগত  এ এছ ২৩ এচি-৬৬২৬ নম্বৰৰ ৪০৭ গাড়ী খনত ৮ লাখ ৬০ হাজাৰ তিনিশ একত্ৰিশ টকা মুল্যৰ সুৰাৰখিনি কাকপথাৰ আৰক্ষী থানাৰ সন্মুখেদি নিৰ্বিঘ্নে পাৰ হৈ গৈছিল। কিন্তু টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত কাকপথাৰ আৰক্ষীয়ে গাড়ীসহ এই সুৰাখিনি জব্দ কৰে৷

প্ৰাপ্ত খবৰ  মতে অৰুণাচল প্ৰদেশৰ  মহাদৱপুৰৰ পৰা ৰয়িঙৰলৈ সুৰা খিনি লৈ অনা বুলি গাড়ীখনৰ চালকে জানিবলৈ দিয়ে। লক্ষণীয় যে কাকপথাৰ আৰক্ষীৰ নিশিদ্ৰ নিৰাপত্তাৰ মাজতে সুৰাখিনি কেনেকৈ যে কাকপথাৰ আৰক্ষী  সন্মুখেদি পাৰ হবলৈ সক্ষম হ’ল সেয়া ডাঙৰ প্ৰশ্নবোধক চিহ্ন হিচাপে দেখা দিছে। ইতিমধ্যে ভিন্ন ৰাজ্যৰ সুৰাখিনিৰ বৈধ্যতা সম্পৰ্কে কাকপথাৰ আৰক্ষীয়ে এটা তদন্ত আৰম্ভ কৰিছে।

Related News