NORTHEAST NOW (Assamese)
অৰুণাচল

টাৱাঙত সেনাৰ দ্বাৰা ‘যুৱ উদ্দীপনা আৰু পথ প্রদৰ্শন কাৰ্যসূচী’ৰ আয়োজন

Posted by: প্ৰণৱ কুমাৰ দাস July 17, 2018 1:07 pm
Youth motivation progrram

সেনা বাহিনীত যোগ দিয়াৰ বাবে স্থানীয় যুৱচামক উৎসাহী কৰা আৰু তেওঁলোকৰ মাজত ভাৰতীয় সামৰিক বাহিনী সম্পৰ্কে এক সজাগতাৰ সৃষ্টি কৰাৰ বাবে সেনা বাহিনীয়ে এটা ‘যুৱ উদ্দীপনা আৰু প্ৰশিক্ষণ কাৰ্যসূচী’ নামৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। দুসপ্তাহ জোৰা এই প্ৰশিক্ষণ শিবিৰটো পশ্চিম অৰুণাচলৰ টাৱাং জিলাৰ জাঙত অনুষ্ঠিত কৰা হৈছে।

জাঙৰ স্থানীয় প্ৰশাসন, জাং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জাং স্প’ৰ্টছ ক্লাবৰ সহযোগত ব্লেজিং ছ’ৰ্ড ডিভিজনৰ অন্তৰ্গত পূব টাৱাং ব্ৰিগেইডৰ পৃষ্ঠপোষকতাত ২ গাড়ৱাল ৰাইফলছে এই প্ৰশিক্ষণ শিবিৰটোৰ আয়োজন কৰিছে।

‘যুৱ উদ্দীপনা আৰু প্ৰশিক্ষণ কাৰ্যসূচী’ শিবিৰটো উদ্বোধন কৰাৰ বাবে জাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এটা চমকপ্ৰদ উদ্বোধনী অনুষ্ঠানৰ আয়োজন আয়োজন কৰিছিল। মুঠ ১২২ শিক্ষাৰ্থীয়ে (৮২ গৰাকী ছাত্ৰী আৰু ৪২ জন ছাত্ৰই) এই প্ৰশিক্ষণ কাৰ্যসূচীত পঞ্জীয়ন কৰিছে।

ব্ৰিগেডিয়াৰ পূব টাৱাং ব্ৰিগেডৰ কামাণ্ডাৰ ৰমেশ ছেঠী, এছএম, কৰ্নেল এপি কাণ্ডৱাল, ২ গাড়ৱাল ৰাইফলছৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কৰ্নেল ৰাহুল সিঙৰ উপৰি জাঙৰ অসামৰিক প্ৰশাসনৰ ফালৰ পৰা জাঙৰ অতিৰিক্ত উপায়ুক্ত, জাং মুখ্য স্বাস্থ্য বিষয়া, জাং খণ্ড শিক্ষা বিষয়া, জাঙৰ চক্ৰ বিষয়া, জাং উচ্চতম মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সহ বিদ্যালয়খনৰ ১৪গৰাকী শিক্ষক আৰু এই এলেকাটোৰ অন্তৰ্গত এলেকাসমূহৰ গাঁৱবুঢ়াসকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ শোভা বৰ্ধন কৰিছিল।