NORTHEAST NOW (Assamese)

টাৱাঙৰ এক পথ দুৰ্ঘটনাত অৰুণাচলৰ বিশিষ্ট লেখক ছেৱাং নোৰ্বু আৰু কন্যাৰ কৰুণ মৃত্যু

March 8, 2018 10:33 am · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ টাৱাঙত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হোৱা ৰাজ্যখনৰ এজন বিশিষ্ট লেখক তথা উদ্দ্যোগী ছেৱাং নোৰ্বু আৰু তেওঁৰ কন্যাৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, সোমবাৰে পূৱা প্ৰায় ৫:৩০ বজাত নোৰ্বুয়ে তেওঁৰ ২৫ বছৰীয়া কন্যা ল’বছাং নোৰ্বোৰ সৈতে গুৱহাটীৰ পৰা টাৱাং আভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

কিন্তু পিছত তেওঁলোকৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰিব নোৱাৰা হোৱাত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ লোকে আই টি বি পি, সেনা আৰু এছ এছ বি লোকৰ সৈতে লগ হৈ মঙলবাৰে ব্যক্তি দুজনক বিচাৰি উলিওৱাৰ উদ্দেশ্যে অনুসন্ধান আৰম্ভ কৰে।

উক্ত অনুসন্ধান কালত নৰ্বোয়ে চলাই অহা টয়টা এটিয়ছ গাড়ীখন ছে লা পাছৰ সমিপৰ এটা ১০০০ ফুট তলৰ খাৱৈত সম্পুৰ্ণ বিধ্বস্ত অৱস্থাত উদ্ধাৰ কৰা হয়। কিন্তু আন্ধাৰৰ ফলত অনুসন্ধান কাৰ্য সামৰিব লগীয়া হোৱাত উক্ত দিনা লোক দুজনৰ সন্ধান উলিয়াব পৰা নগল।

পিছত বুধবাৰে পুনৰ অনুসন্ধান কাৰ্য আৰম্ভ কৰি পূৱা প্ৰায় ৮ বজাত অভিযানকাৰী দলে লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অঞ্চলটোত চলি থকা প্ৰবল তুষাৰপাতৰ ফলতে উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে টাৱাঙৰ এগৰাকী জনপ্ৰিয় ব্যক্তি নৰ্বোৰ জ্যেষ্ঠ ভাতৃ ছেৱাং দ’ঙধুপ টাৱাং সমষ্টিৰ প্ৰাক্তন বিধায়ক।

Related News