NORTHEAST NOW (Assamese)

ডকমকা কাণ্ড : ৰঙাপৰাত দোষীৰ শাস্তিৰ দাবীত বিশাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

June 13, 2018 4:12 pm · ঋতুপৰ্ণ চক্ৰবৰ্তী
Updated: June 13, 2018 4:13 pm
প্ৰতিনিধিত্বমূলক ছবি

সমগ্ৰ ৰাজ্যত ডকমকা কাণ্ডৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি ১৩ জুনত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ঘটনাটোৰ প্ৰতিবাদ কৰে।

ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অঞ্চলটোৰ বিদ্যালয়সমূহৰ সহযোগত ৰঙাপৰাত  প্ৰচণ্ড বৰষুণকো নেওচি ছাত্ৰ-ছাত্ৰীসকলে দুষ্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত চহৰৰ মাজেদি বিশাল সমদল বাহিৰ কৰে।

ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰঙাপৰা অঞ্চলৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও এই প্ৰতিবাদত ভাগ লয়।

কোনো কাৰণতে দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আহ্বান জনাইছে।

Related News