NORTHEAST NOW (Assamese)
অসম

ডিগবৈ তৈলক্ষেত্ৰক পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অইল ইণ্ডিয়াৰ

Posted by: এন ই নাও নিউজ May 3, 2018 10:28 am
Assam-Digboi-Refinery

ঐতিহাসিক ডিগবৈ তৈল ক্ষেত্ৰক তৈল পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছে অইল ইণ্ডিয়া লিমিটেডে। মঙলবাৰে অইলৰ পূৰ্বাঞ্চলীয় সম্পদৰ ডিগবৈ কাৰ্যালয়ত অইল ইণ্ডিয়াৰ সঞ্চালক (অপাৰেশ্যন) প্ৰমোদ কুমাৰ শৰ্মা, পূৰ্বাঞ্চলীয় সম্পদৰ সম্পদ প্ৰবন্ধক অপূৰ্ব কুমাৰ শৰ্মা, চাৰফেজ মেনেজাৰ দিলীপ কুমাৰ গোস্বামী, উপ-মহাপ্ৰবন্ধক অলকেশ বৰাকে ধৰি বহু সংখ্যক উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত সাংবাদিকৰে হোৱা মত বিনিময়ত এই বিষয়ে ব্যক্ত কৰে।

অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্ণকালীন অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লোৱাৰ  পিছত উৎপল বৰাই প্ৰথমবাৰৰ বাবে ডিগবৈৰ পূৰ্বাঞ্চলীয় সম্পদ ভ্ৰমণ কৰে। তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হৈ ঐতিহাসিক ডিগবৈ তৈলক্ষেত্ৰ পৰিদৰ্শন কৰে।

dgboi oil

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ অইলৰ দৰে বৃহৎ প্ৰতিষ্ঠানৰ উন্নতিৰ বাবে সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা কামনা কৰি বৰ্তমান উৎপাদন বন্ধ হৈ থকা তেল খাদসমূহত পুনৰ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে।

বৰাই আন্দোলনৰ নামত বিভিন্ন সংগঠনে দিয়া বন্ধৰ ফলত উদ্যোগটোৰ বৃহৎ লোকচানৰ কথা উল্লেখ কৰি সংগঠনসমূহক বন্ধৰ বাহিৰে অন্য গণতান্ত্ৰিক পন্থা প্ৰতিবাদৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক গৰাকীয়ে বাঘজান আৰু কুমচাই তৈল খাদসমূহ পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে ডিগবৈত পূৰ্বাঞ্চলীয় সম্পদৰ সম্পদ প্ৰবন্ধক আৰু অন্যান্য উচ্চ পদস্থ বিষয়া আৰু স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক শাখাৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয়।