NORTHEAST NOW (Assamese)
মিজোৰাম

ডিফেণ্ডিং চেম্পিয়ন আইজল এফ চিয়ে হৰুৱালে শক্তিশালী প্ৰতিদ্বন্দ্বী চেন্নাই চিটি এফ চিক

Posted by: এন ই নাও নিউজ January 13, 2018 9:32 pm

ডিফেণ্ডিং চেম্পিয়ন আইজল এফ চিয়ে আজিৰ আই লীগৰ এখন খেলত শক্তিশালী প্ৰতিদ্বন্দ্বী চেন্নাই চিটি এফ চিক ২-০ স্পষ্ট ব্যৱধানত পৰাভূত কৰে।

আইজলৰ ৰাজীৱ গান্ধী ষ্টেজিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত দলটোৱে সকলো সময়তে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল।

আইজলৰ এই জয়ৰ মূলতে আছিল দলটোৰ জাপানী ষ্ট্ৰাইকাৰ য়ুগো কোবায়াছি আৰু মিডফিল্ডাৰ ডেভিড লালৰিনমুৱানা। য়ুগোৱে ২৬ মিনিটতে এটা পেনাল্টি কিকৰ জৰিয়তে প্ৰথমটো গ’ল দিয়ে। তাৰ ঠিক ছয় মিনিট পিছতেই ডেভিড লালৰিনমুৱানাই বিপক্ষৰ দুৰ্গভেদ কৰি দ্বিতীয়টো গ’ল দিয়ে।

মিডফিল্ডাৰ ডেভিড লালৰিনমুৱানাক আজি বেচ আক্ৰমণাত্মক দেখা গৈছিল। ঘৰুৱা দৰ্শকে দলটোক অহৰহ উৎসাহ যোগাই আছিল আৰু দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে বিপক্ষক গ’ল পৰিশোধ কৰাৰ কোনো সুযোগ নিদিলে।

আজি আইজলৰ প্ৰশিক্ষক পাওলো মেনেজেছে দলত চাৰিটা গুৰুত্বপূৰ্ণ সালসলনি ঘটাইছিল।

আনহাতে ইয়াৰ পূৰ্বৰ ক্ৰমাগত তিনিখনকৈ খেলত চেন্নাই দলটো অপৰাজিত হৈ আছিল। ফলত তেওঁলোক বেচ আত্মবিশ্বাসেৰেই খেলপথাৰত নামিছিল। তাৰ পৰিৱৰ্তে ইয়াৰ পূৰ্বৰ খেলখনত আইজল হাৰিছিল মোহন বাগানৰ হাতত। কিন্তু শেষ মুহূৰ্তত চেন্নাইৰ আত্মবিশ্বাসৰ পৰিৱৰ্তে আইজলৰ দৃঢ়তা আৰু আক্ৰমণাত্মক খেল অধিক ফলপ্ৰসূ প্ৰমাণিত হয়।

আইজলৰ আনড্ৰেই আয়নেছ, ডেভিড লালৰিনমুৱানা আৰু এলবাৰ্ট জহমিংমাৱিয়াই অবিৰতভাৱে চেন্নাইৰ ডিফেন্সক ব্যস্ত ৰখা দেখা গৈছিল।