NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় জিলা প্ৰশাসনৰ দ্বাৰা কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ উন্মোচন

Posted by: অভিক চক্ৰবৰ্তী May 24, 2018 8:28 pm
DSCN0056 (1)

বৃহস্পতিবাৰে ডিব্ৰুগড়ত এটা কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ উন্মোচন কৰা হৈছে। এই যন্ত্ৰটো ডিব্ৰুগড়ৰ উপায়ুক্ত লায়া মাধুৰীয়ে উন্মোচন কৰে। উল্লেখ্য যে এইটো হৈছে ডিব্ৰুগড়ত স্থাপন কৰা প্ৰথমটো কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ।

কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰটো স্বচ্চ ভাৰত অভিযানৰ (গ্ৰামীন) অধীনত স্থাপন কৰা হৈছে। এই কৰ্যসূচীৰ অন্তৰ্গত প্ৰশাসনে ডিব্ৰুগড়ৰ প্ৰত্যেকটো গাঁও পঞ্চায়ততে একোটাকৈ কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ স্থাপন কৰিব বুলি উপায়ুক্ত লায়া মাধুৰীয়ে প্ৰকাশ কৰিছে।

বৰবৰুৱাৰ প্ৰায় ২৮০০ পৰিয়াল এই যন্ত্ৰটোৰ পৰা উপকৃত হ’ব। ঘৰত উৎপন্ন হোৱা বৰ্জ্য পদাৰ্থসমূহ সংগ্ৰহ কৰি এই যন্ত্ৰটোত আচুতীয়াকৰণ কৰা হ’ব।

বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰটোৱে কঠন বৰ্জ্য পদাৰ্থসমূহ দক্ষতাৰে ভাগ কৰিব পাৰে আৰু ভিন্ন ভিন্ন বৰ্জ্য পদাৰ্থসমূহ প্ৰক্ৰিয়াকৰণ কৰিব পাৰে। এই যন্ত্ৰটোৱে প্ৰদুষণ নিঃশেষ কৰি উত্তৰ পুৰুষৰ বাবে পৰিৱেশ উন্নত কৰিব পাৰিব।

এই যন্ত্ৰটোৱে জৈৱিকসাৰ উৎপাদন কৰিব আৰু ইয়াৰ এখন ডাঙৰ বজাৰ আছে। এক বিজ্ঞপ্তিযোগে ডিব্ৰুগড়ৰ প্ৰশাসনে প্ৰকাশ কৰিছে পৰৱৰ্তী বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰটো মোহনবাৰীত স্থাপন কৰা হ’ব।