NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত শৈক্ষিক পৰিৱেশৰ ওপৰত মুখ্য মন্ত্ৰীৰ পৰ্যালোচনা

Posted by: এন ই নাও নিউজ July 6, 2018 9:06 pm
ডিব্ৰুগড়ত শৈক্ষিক পৰিৱেশৰ ওপৰত মুখ্য মন্ত্ৰীৰ পৰ্যালোচনা

ডিব্ৰুগড় চহৰৰ শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক পৰিৱেশ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত আজি এখন বৈঠক অনুষ্ঠিত হয়। আৰু এই বৈঠকত শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি, স্বচ্ছতা, গুণগত শিক্ষা প্ৰদান আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

অন্ধ বিশ্বাস, কুসংস্কাৰ সমাজৰ বাবে প্ৰত্যাহ্বান বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে শৈক্ষিক ব্যৱস্থাৰ মাজত ছাত্ৰ-ছাত্ৰী সকলৰ মনত সংস্কাৰৰ মানসিকতা গঢ়িব লাগিব বুলি কয়।

ক্ৰীড়াক শিক্ষাৰ অংগ হিচাপে গঢ়ি তোলাৰ আহ্বান জনাই মুখ্য মন্ত্ৰীয়ে প্ৰতিদিনে ২ ঘণ্টাকৈ ছাত্ৰ-ছাত্ৰী সকলক ক্ৰীড়াৰ অনুশীলনৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে আহ্বান জনায়।

মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিখন শিক্ষানুষ্ঠান পৰিস্কাৰ-পৰিচ্ছনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ উপৰি অভিভাৱক আৰু সমাজৰ সচেতন ব্যক্তিক জড়িত কৰোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কয়।

আজিৰ এই বৈঠকত বিধায়ক ঋতুপৰ্ণ বৰুৱা, জিলা শিক্ষা বিভাগৰ বিষয়া, জিলা প্ৰশাসনৰ বিষয়া আৰু চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বী সকল উপস্থিত আছিল।