NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন

March 4, 2018 9:21 pm · অভিক চক্ৰবৰ্তী

‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত শ্ৰীঘে চৰকাৰে ১০ খন গাৱঁক আদৰ্শ হস্ততাত গাওঁ হিচাপে নিৰ্বাচন কৰিব। উক্ত গাওঁসমূহত শিপিনী প্ৰক্ষিশণৰ উদ্দেশ্যে প্ৰক্ষিশণ কেন্দ্ৰ স্থাপন কৰা হ’ব।’ এই মন্তব্য অসম হস্ততাঁত, বস্ত্ৰ আৰু ৰেছম শিল্প মন্ত্ৰী ৰঞ্জিত দত্তৰ।

আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন কৰি দত্তই উক্ত মন্তব্য আগবঢ়াই।

প্ৰস্তাৱিত সচিবালয়টোৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে ৭.৮ কোটি টকা অনুমোদন জনাইছে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰঞ্জিত দত্তই কয় যে গাওঁ সমূহৰ উন্নয়নৰ বাবে চৰকাৰে বহু আঁচনি হাতত লৈছে।

আনহাতে গুৱাহাটীৰ সোনাপুৰত সোণোৱাল ভৱন নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে ৫ বিঘা মাটি ক্ৰয় কৰিছে বুলি জনাই তেওঁ কয়, ‘পুৰ্বৰ চৰকাৰে পৰিষদৰ উন্নয়ণৰ বাবে একোৱে নকৰিলে। কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃতাধীন বিজেপি চৰকাৰ স্বায়ত্ত শাসিত পৰিষদ সমূহৰ উন্নয়নৰ ক্ষেত্ৰত দায়বদ্ধ, পৰিষদ সমূহৰ উন্নয়নৰ বাবে চৰকাৰে শেহতীয়া ভাৱে পুঁজি মুকলি কৰি দিছে।’

আজি আধাৰশিলা স্থাপন অনুষ্ঠানত, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক প্ৰসান্ত ফুকন, লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মকৰাৰী উপস্থিত আছিল।

Related News