NORTHEAST NOW (Assamese)

ডিমাপুৰক অসমত চামিল কৰাৰ দাবী, নাগালিমৰ বিৰুদ্ধে যুঁজ এৰা নাই ডিমাচাসকলে

July 16, 2018 11:42 pm · ৰাজীব ৰয়

এসময়ত অসমৰ অংগ তথা ডিমাচা ৰজাসকলৰ ৰাজধানীৰূপে ইতিহাসখ্যাত ডিমাপুৰক অসমত পুনৰ চামিল কৰাৰ লগতে অসমৰ ভূমিৰ অন্তৰ্ভুক্তিৰে নাগালিম গঠনৰ বিৰুদ্ধে যুঁজি যোৱাৰ অংগীকাৰ কৰিছে ডিমাচা জাতীয় পৰিষদে।

ডিমাপুৰকে ধৰি ডিমাচাসকলৰ ঐতিহাসিক ভূখণ্ডৰ অন্তৰ্ভুক্তিৰে হিৰিম্বাপুৰ স্বায়ত্তশাসিত পৰিষদ নামৰ এক পৰিষদ গঠনৰ দাবীৰে ডিমাচা জাতীয় পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক আজি ১৬ জুলাইত এক স্মাৰক পত্ৰ দাখিল কৰিছে।

‘আমি ডিমাচা জাতীয় পৰিষদৰ সদস্যসকলে আমাৰ একালৰ অঞ্চলসমূহত নাগা বিদ্ৰোহীৰ উপদ্ৰৱৰ বিষয়েও চৰকাৰক অৱগত কৰিছো আৰু অসমৰ ভূমি অন্তৰ্ভুক্ত কৰি সুকীয়া নাগালিম গঠনৰ দাবীৰ বিৰোধিতা কৰিছো। যিকোনো মূল্যৰ বিনিময়তে এই নাগালিমৰ গঠনৰ প্ৰচেষ্টা আমি প্ৰতিৰোধ কৰিম,’ নৰ্থ ইষ্ট নাও-ক জনালে পৰিষদৰ সভাপতি ধিৰঞ্জয় নাইদিঙে।

প্ৰস্তাৱিত হিৰিম্বাপুৰ স্বায়ত্তশাসিত পৰিষদত নাগালেণ্ডৰ ডিমাপুৰৰ লগতে অসমৰ ডিমা হাচাও, কাৰ্বি আংলঙৰ মাইবাং আৰু কাশপুৰ অঞ্চল, হোজাই, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক সামৰি লোৱাৰ বাবে সংগঠনটোৱে দাবী জনাইছে।

উল্লেখযোগ্য যে ডিমা হাচাওৰ অন্তৰ্ভুক্তিৰে বৃ্হত্তৰ নাগালিম গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে উদ্যোগ লোৱা বুলি প্ৰচাৰিত এক বাতৰিয়ে ৰাজ্যত প্ৰতিবাদৰ ঢৌ তুলিছিল।

নাগালিমৰ বিৰুদ্ধে ডিমাচাসকলে কৰা তীব্ৰ প্ৰতিবাদত যোৱা ২৫ জানুৱাৰিত মাইবাঙত আৰক্ষীৰ গুলীত কেইবাজনো ডিমাচা যুৱকে প্ৰাণ হেৰুৱাইছিল।

Related News