NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ডিমাপুৰত অনুষ্ঠিত নিয়োগ মেলালৈ চাকৰি প্ৰত্যাশীৰ ব্যাপক সঁহাৰি

Posted by: এনই নাও নিউজ March 18, 2018 12:00 pm
job-fair

নিৱনুৱা যুৱক-যুৱতী সকলক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিবলৈ নাগালেণ্ডৰ অন্যতম চহৰ হিচাপে পৰিচিত ডিমাপুৰত যোৱা শনিবাৰে অনুষ্ঠিত নিয়োগ মেলাত চাকৰি প্ৰত্যাশীৰ ব্যাপক সঁহাৰি দেখা পোৱা গৈছে।

উল্লেখ্য যে ডিমাপুৰৰ য়ুনিটী কলেজত অনুষ্ঠিত নিয়োগ মেলাখনত বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰায় অৰ্ধশতাধিক শাখাৰ চাকৰি পৰামৰ্শদাতা সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

ইণ্টাৰনেল কোৱালিটি এছেছমেণ্ট চেল, য়ুনিটী কলেজ আৰু এনআইঅআটিৰ যৌথ উদ্যোগত অনুষ্ঠিত এই নিয়োগ মেলাখনৰ জৰিয়তে আগ্ৰহী নিৱনুৱা সকলে স্থানীয় বা দেশৰ অন্যান্য প্ৰান্তত কৰ্মসংস্থানৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

jobশনিবাৰে এই নিয়োগ মেলাখনত আৰম্ভণিৰে পৰা যুৱক-যুৱতীৰ যথেষ্ট ভিৰ দেখা যায়।

ডিমাপুৰৰ য়ুনিটী কলেজত অনুষ্ঠিত এই নিয়োগ মেলাখনত আদিত্য বিৰলা কেপিটেল, এমাজন ইণ্ডিয়া, এপেক্স মেনপাৱাৰ, এটিচি ট্ৰান্সপ’ৰ্ট, নাগালেণ্ড জৱ চেণ্টাৰ, নাগালেণ্ড টুডে, মহাবীৰ ৰাইচ মিল, পেণ্টালুনছ, পিনাকল আদিৰ লগতে অন্যান্য ভালেমান আগশাৰীৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

উল্লেখ্যোগ্য যে এই নিয়োগ মেলাখনৰ জৰিয়তে ৰাজ্যখনৰ নিৱনুৱা সমস্যা কিছু হ’লেও হ্ৰাস পাব বুলি আশা কৰিছে আয়োজক সকলে।