NORTHEAST NOW (Assamese)
অসম

বাট-পথৰ মেৰামতিৰ দাবীত আমৰণ অনশনত বহিব ডিমা হাচাওৰ বিশিষ্ট নাগৰিক

Posted by: পংকজ কুমাৰ দেব April 18, 2018 7:47 pm

পৰিৱৰ্তনৰ শ্ল’গানেৰে কেন্দ্ৰৰ লগতে ৰাজ্যত ক্ষমতাত আহিছিল বিজেপি মিত্ৰজোট চৰকাৰ। কিন্তু বাস্তবত ৰাইজে কোনোধৰণৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰা নাই। বিশেষকৈ পাহাৰীয়া ডিমা হাচাও জিলাৰ বাট-পথৰ অবস্থা এতিয়াও শোচনীয় হৈয়ে আছে।

তৎসত্ত্বেও এইক্ষেত্ৰত পৰিমল শুক্লবৈদ্যৰ গড়কাপ্তানি বিভাগ আচৰিত ভাবে নিমাত, যাৰ ফলত এতিয়া সাধাৰন ৰাইজে চৰকাৰী বাট-পথ মেৰামতিৰ দাবীত আমৰণ অনশনত বহিব লগিয়া হৈছে।

উল্লেখযোগে যে পাৰ্বত্য জিলাখনৰ মাইবাঙ মহকুমাৰ অন্তৰ্গত খেজুৰবন্দ-খেপ্ৰে অৰ্থাৎ কে কে ৰোডৰ সামগ্ৰিক অবস্থা ইমানে বেয়া যে সেই পথেদি যান-বাহন চলাচল কৰিব পৰা অবস্থাত নাই।

সেয়ে উক্ত পথৰ মেৰামতিৰ লগতে গাঁও অঞ্চলত বিদ্যুৎ সেবা প্ৰদান আৰু হাফলং আৰু খেপ্ৰেৰ মাজত অসম পৰিবহন নিগমৰ বাছ চলাচল আৰম্ভ কৰাৰ দাবিত ৩০ এপ্ৰিলৰ পৰা ডিমা হাচাওৰ বিশিষ্ট নাগৰিক তথা জাদিখে নাইশ্ব হচ’মৰ প্ৰতিষ্ঠাতা সভাপতি বহিমচন্দ্ৰ লাংঠাছাৰ নেতৃত্বত কেইবা গৰাকী সমাজকৰ্মী আমৰণ অনশনত বহিব।

আজি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লাংঠাছাই কয় যে কালাচান্দৰ বাছাবাৰি তিনি আলিত তেওঁৰ নেৰ্তৃত্বত কেইবা গৰাকী সমাজকৰ্মী আমৰণ অনশন বহাৰ সিদ্ধান্ত লৈছে। এই কথা অৱগত কৰি তেওঁ মাইবাঙৰ মহকুমাধিপতিক এখন পত্ৰ প্ৰেৰণ কৰিছে বুলিও জানিবলৈ দিয়ে।

তেওঁ আৰু কয়, ‘লাংটিং দিবু অঞ্চলত পাৰ্বত্য পৰিষদৰ চাৰিখনকৈ পৰিষদীয় সমষ্টি আছে। এই চাৰিখন সমষ্টিৰ একমাত্ৰ পথ হল কে কে ৰোড। কিন্তু পৰিতাপৰ কথা হল যে উক্ত ঘাইপথটোত যান-বাহন চলাচলৰ অবস্থা নাই। নাই বিদ্যুত সেবা আৰু চৰকাৰী পৰিবহন ব্যৱস্থাও।’

সেয়ে উপৰোক্ত দাবী সমূহক লৈ তেওঁলোকে ৩০ এপ্ৰিলৰ পৰা আমৰণ অনশন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।