NORTHEAST NOW (Assamese)
অসম

ডিমা হাচাও জিলাত বিদেশী চিনাক্তকৰণৰ নামত সীমান্ত আৰক্ষীৰ দৌৰাত্ম্য

Posted by: পংকজ কুমাৰ দেব March 29, 2018 7:36 pm

ডিমা হাচাও জিলাত বিদেশী চিনাক্তকৰণৰ নামত আৰক্ষীৰ সীমান্ত শাখাৰ দৌৰাত্ম্যই বিশেষ সম্প্ৰদায়ৰ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ  উত্থাপন কৰিছে একাংশ লোকে।

জিলাখনৰ মান্দাৰদিচা, হাতীখালী, লাংটিং প্ৰমুখ এলেকাত আৰক্ষীৰ এনে অত্যাচাৰৰ বাবে স্থানীয় ৰাইজসকল আতংকিত হৈ পৰিছে।

উল্লেখযোগ্য যে উক্ত এলেকাত নিশা হ’লেই সীমান্ত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক জনৈক বসুমতাৰীৰ নেতৃত্বত চলে বিদেশী চিনাক্তকৰণৰ অভিযান।

জানিব পৰা মতে উক্ত এলেকাৰ কোনো দোকানত বহি আৰক্ষীৰ দলটোৱে স্থানী লোকক মাতি নথি-পত্ৰ দেখুৱালৈ নিৰ্দেশ দিয়ে আৰু নথি-পত্ৰ দেখুৱাব নোৱাৰিলে হাফলঙলৈ মাতি পঠিৱাই। আনকি ভাৰতীয় নাগিৰকৰ বৈধ নথি-পত্ৰ থকাৰ পিছতো নানা ধৰণৰ মানসিক অত্যাচাৰ চলোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

মঙলবাৰে নৰ্থ ইষ্ট নাওয়ে পাৰ্বত্য জিলাৰ লাংটিঙৰ পৰা মান্দৰদিচাত উপস্থিত হৈ সীমান্ত আৰক্ষীয়ে চলোৱা বিদেশী চিনাক্তকৰণৰ সম্পৰ্কে স্থানীয় ৰাইজৰ লগত আলোচনা কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

অৱশ্যে একাংশই আৰক্ষীৰ ভয়ত মুখ খোলাৰ পৰা বিৰত থাকে যদিও আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা এগৰাকী ভুক্তভোগীয়ে ভাৰতীয় নাগৰিকৰ বৈধ নথি-পত্ৰ থাকৰ পিছতো আৰক্ষীক ধন দিব লগা হৈছে বুলি জানিবলৈ দিয়ে।

একেদৰে মান্দাৰদিচাৰ এক বাঙালী হিন্দু পৰিয়ালেও ১৯৫১ চনৰ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য থকাৰ লগতে দেউতাকৰ ৰে’লৱে চাকৰিৰ ১৯৬১ চনৰ নথি দেখুৱাৰ পিছতো আৰক্ষীক ধন দিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে।

আনহাতে হাতীখালীতো সাপ্তাহিক বজাৰৰ দিনত সীমান্ত আৰক্ষীৰ চাৰি-পাঁচ জনীয়া দল উপস্থিত হৈ প্ৰায় এক বছৰৰ আগৰ পৰাই বিদেশী চিনাক্তকৰণৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।
হাতীখালীৰ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি সীমান্ত আৰক্ষী নিশা হ’লেই স্থানীয় লোকৰ ঘৰত উপস্থিত হৈ ভাৰতীয় নাগৰিক হোৱাৰ নথি-পত্ৰ বিচাৰি হাৰাশাস্তি কৰাৰ লগতে নথি-পত্ৰ দেখুৱাৰ পিছতো তেওঁলোকৰ পৰা বগা কাগজত স্বাক্ষৰ লৈ যায়।
ইফালে আন একাংশলৈ জাননী প্ৰেৰণ কৰি হাফলঙলৈ মাতি নি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি ভয়-ভাবুকি প্ৰদান কৰি পৰোক্ষভাৱে বিষয়টো নিষ্পত্তি কৰাৰ প্ৰস্তাৱ দিয়ে।
শেহতীয়াকৈ হাতীখালীৰ হিন্দু বাঙালী যুৱক উত্তম দাস সীমান্ত আৰক্ষীৰ ৰোষৰ বলি হোৱাৰ লগতে আন একাংশ অলপতে কাৰাগাৰলৈ যাব লগা হোৱা বুলি জানিব পৰা গৈছে।