NORTHEAST NOW (Assamese)

ডিমৌত বিয়ানাম প্ৰতিযোগিতাৰ আয়োজন

January 20, 2018 11:08 pm · হিতোজ্বল চেতিয়া
প্ৰতিনিধিত্বমূলক ছবি
১৭ বছৰ অতিক্ৰম কৰা ডিমৌ প্ৰগতিশীল মহিলা সমাজৰ উদ‍্যোগত আৰু সমূহ ডিমৌবাসী ৰাইজৰ সহযোগত অহা  ২৮ জানুৱাৰি দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাঢ‍্য ‘বিয়ানাম প্ৰতিযোগিতা’ৰ অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে।
কাৰ্যসূচী অনুসৰি ২৮ জানুৱাৰী দেওবাৰে পুৱা ৮ বজাত প্ৰগতিশীল মহিলা সমাজৰ সভানেত্ৰী শ্ৰীযুতা বীণাপাণি দত্তৰ দ্বাৰা পতাকা উত্তোলন, ৮.৩০ বজাত স্মৃতি তৰ্পন আৰু ৯.৩০ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ কৰা হ’ৱ।
প্ৰগতিশীল মহিলা সমাজৰ সভানেত্ৰী শ্ৰীযুতা বীণাপাণি দত্ত আৰু সম্পাদিকা শ্ৰীযুতা পাৰুল বড়ায়ে কয় যে অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানত বিয়া নাম এটা অবিচ্ছেদ‍্য অংগ স্বৰূপ। কিন্তু আধুনিকতাৰ ধামখুমীয়াত এই বিয়ানামসমূহ লুপ্ত পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি লক্ষ‍্য ৰাখি আয়তি সকলক প্ৰেৰণা যোগাবৰ বাবে উক্ত ‘বিয়া নাম প্ৰতিযোগিতা’ৰ আয়োজন কৰিবলৈ লোৱা হৈছে।
একক শাষাত হ’ৱ লগীয়া প্ৰতিযোগিতাখনৰ ভৰ্তি মাচুল হৈছে পঞ্চাছ টকা। বিজয়ী চাৰিগৰাকী প্ৰতিযোগীক বটাঁৰে পুৰস্কৃত কৰা হ’ৱ বুলি জানিবলৈ দি ইচ্ছুক প্ৰতিযোগীসকলে ৯৯৫৪৯৩২৪৭৬, ৯৮৫৯৩৫৮৫১৯ নম্বৰত যোগাযোগ কৰিব পাৰিব উদ্যোক্তা সকলে সদৰি কৰে।

Related News