NORTHEAST NOW (Assamese)
অসম

ডিমৌৰ ৰাধা কৃষ্ণ মন্দিৰৰ ‘দুৱাৰ মুকলি’ অনুষ্ঠান

Posted by: হিতোজ্বল চেতিয়া January 21, 2018 9:10 pm
ৰাধা কৃষ্ণ মন্দিৰ

ডিমৌৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে সুখবৰ।

অহা ২২ আৰু ২৩ জানুৱাৰি তাৰিখে সুদীৰ্ঘ ১৩ মাহ ধৰি নিৰ্মাণ কৰি থকা ডিমৌ ৰাধা কৃষ্ণ মন্দিৰটোৰ ‘দুৱাৰ মুকলি’ অনুষ্ঠান  অতি বৰ্ণাঢ‍্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে।

উল্লেখযোগ্য যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্ত ঘাইপথলৈ সম্প্ৰসাৰণ কৰাৰ বাবে ডিমৌ ৰাধা কৃষ্ণ মন্দিৰৰ মাটি অধিগ্ৰহণ কৰাৰ ফলত পুৰণি মন্দিৰটো ভাঙি পেলোৱা হৈছিল। পৰৱৰ্তী সযয়ত মন্দিৰ পৰিচালনা সমিতিয়ে ডিমৌবাসী ৰাইজৰ সহযোগত পূৰ্ব স্থানৰ পৰা কিছু নিলগত নতুনকৈ আটকধুনীয়াকৈ উক্ত মন্দিৰটো পুনৰ নিৰ্মাণ কৰি তোলে।

বৃহত্তৰ ডিমৌবাসী ৰাইজৰ ধৰ্মীয় অনুষ্ঠান ডিমৌ ৰাধা-কৃষ্ণ মন্দিৰৰ উক্ত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে মন্দিৰৰ উদযাপন সমিতিৰ সভাপতি প্ৰদীপ দৰ্জী দেৱে।