NORTHEAST NOW (Assamese)
অসম

অসমৰ গোৱালপাৰাত দেশৰ সৰ্বোচ্চ ক্ষমতাৰ স্বতন্ত্ৰৰীয়া ডিটেইনশ্যন কেম্প স্থাপনত অনুমোদন কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ July 21, 2018 10:35 pm
Foreigners-Tribunal-570x320

অসমত উন্নীতকৰণ চলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ কৰাৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে উচ্চ ক্ষমতাসম্পন্ন প্ৰথমটো স্বতন্তৰীয়া ডিটেনশ্যন কেম্প স্থাপনত অনুমোদন জনোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

সূত্ৰটো মতে, এই কেম্পটো এবছৰৰ ভিতৰত প্ৰায় ৪৬ কোটি টকা খৰচ কৰি গোৱালপাৰা জিলাত স্থাপন কৰা হ’ব।

এইটো প্ৰথমটো স্বতন্ত্ৰৰীয়া ডিটেনশ্যন কেম্প হ’ব, য’ত প্ৰায় ৩,৫০০ জনক আটক কৰি ৰাখিব পৰা যাব। অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচনে এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অসমত বৰ্তমান ৬টা ডিটেনশ্যন কেম্প আছে, যিবোৰ কাৰাগাৰ চৌহদত অৱস্থিত আৰু মুঠ ১০০০জন লোকক আটক কৰি ৰখাৰ সুবিধা আছে।

চাংচনে জনোৱামতে, এই নতুন স্বতন্ত্ৰৰীয়া ডিটেনশ্যন কেম্পটো কোনো কাৰাগাৰৰ সৈতে সংলগ্ন নোহোৱাৰ লগতে কিছুমান সুকীয়া বৈশিষ্ট্যযুক্ত হ’ব।

মন কৰিব লগীয়া যে এই গুৰুত্বপূৰ্ণ অগ্ৰগতিটো দেখা গৈছে অসমত বিদেশী-স্বদেশীক চিনাক্ত কৰাৰ বাবে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল অসমত বৰ্তমান থকা ডিটেনশ্যন কেম্পকেইটাও বন্ধ কৰাৰহে দাবী উত্থাপন হৈ আহিছে বিভিন্ন পক্ষৰ পৰা।

আনহাতে ডি ভোটাৰৰ নামত বিভিন্নজনক এই ডিটেনশ্যন কেম্পবোৰত আবদ্ধ কৰি ৰখা তথা হাৰাশাস্তি কৰাৰো অভিযোগ নতুন নহয়। শেহতীয়াকৈ অধিক হাৰত ডি ভোটাৰ চিনাক্ত তথা ডিটেনশ্যন কেম্পলৈ স্থানান্তৰ কৰা হৈছে ৰাজ্যখনত, যিটো এটা মানৱীয় দৃষ্টিকোণৰ পৰা উদ্বেগৰ বিষয়।

বহু সংখ্যক এনে আটকাধীন লোক আইনী প্ৰক্ৰিয়াৰ সৈতে যুঁজ দিব পৰাকৈ শিক্ষিত নহয় বা আৰ্থিকভাৱে সক্ষম নহয়।