NORTHEAST NOW (Assamese)

ড০ জনক ঝংকাৰ নাৰ্জাৰী, গুণেশ্বৰ ভূঞালৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

June 19, 2018 11:43 am · এন ই নাও নিউজ
Updated: June 19, 2018 12:21 pm

ৰাজ্যৰ প্রসিদ্ধ ভাস্কর্য শিল্পী ড০ জনক ঝংকাৰ নাৰ্জাৰী আৰু বিশিষ্ট নৃত্যশিল্পী গুণেশ্বৰ ভূঞালৈ আগবঢ়োৱা হৈছে ২০১৮ বর্ষৰ বিষ্ণু ৰাভা বঁটা৷ অসম চৰকাৰে প্রতি বছৰে কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতিত ৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পকলাৰ সৈতে জড়িত লোকক এই বঁটা প্রদান কৰি আহিছে৷ সেই অনুসৰি কালি চলিত বর্ষৰ বঁটা প্রাপকৰ নাম ঘোষণা কৰে ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে৷

উল্লেখযোগ্য যে অহা ২০ জুনত ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযোগত সোণাপুৰ মিনি ষ্টেডিয়ামত কেন্দ্রীয়ভাৱে আয়োজন কৰা ৰাভা দিৱসৰ অনুষ্ঠানত দুয়োজন বিশিষ্ট শিল্পীক আনুষ্ঠানিকভাৱে বঁটা প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রদান কৰিবলগীয়া এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকাৰ লগতে এখন প্রশস্তি পত্র, স্মাৰক আৰু অংগ বস্ত্র৷

অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলেও উপস্থিত থাকিব বুলি আজি এক বিবৃতিযোগে জানিবলৈ দিয়ে সাংস্কৃতিক সঞ্চালকালয়ে৷

স্মৰ্তব্য যে ১৯৪৮ চনৰ ২৮ ফেব্রুৱাৰীত কোকৰাঝাৰৰ হাতীমথাত জন্মগ্রহণ কৰা ড০ জনক ঝংকাৰ নাৰ্জাৰীয়ে কলকাতাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অধীনস্থ শান্তি নিকেতনত ‘হিষ্টৰী অৱ আর্ট’ বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল৷ তেওঁ ২০১৩ চনত কলা ভৱনৰ অধ্যক্ষ হিচাপে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে৷ কলকাতা, মুম্বাই, নতুন দিল্লী, বাৰানসী আদি দেশৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ কোৰিয়া, মেক্সিকো, থাইলেণ্ড, তুর্কী, ইটালী, জার্মানী, ভিয়েটনাম, বাংলাদেশ, টাইৱান আদি বিশ্বৰ বিভিন্ন স্থানত ভাস্কর্য শিল্পী ড০ নাৰ্জাৰীয়ে প্রদর্শনী, ভাস্কর্য সন্মিলনী আৰু শিল্প সংক্রান্তীয় আলোচনা-চক্রত অংশ গ্রহণ কৰি বিশ্বৰ শিল্প ৰসিকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷

আনহাতে ১৯৪৬ চনত জন্মগ্রহণ কৰা গুণেশ্বৰ ভূঞাই জীৱনৰ দীর্ঘ সময় ৰাজ্যৰ বহুকেইটা ভ্রাম্যমাণ নাট্যগোষ্ঠীৰ সৈতে অভিনেতা আৰু নৃত্য পৰিচালক হিচাপে জড়িত হৈ আছে৷ তেওঁ পূর্বজ্যোতি থিয়েটাৰ, ৰূপকোঁৱৰ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ আদি নাট্যগোষ্ঠীৰ সৈতে নৃত্য শিল্পী বা অভিনেতা হিচাপে জড়িত থকাই নহয়, নৃত্য পৰিচালক হিচাপেও দীর্ঘদিন ধৰি জড়িত হৈ আছিল৷

কেৱল কহিনুৰ থিয়েটাৰতে তেওঁ সুদীর্ঘ ২৬ বছৰকাল জড়িত আছিল৷ ৰাজ্যৰ অগ্রণী ভ্রাম্যমাণ থিয়েটাৰ গোষ্ঠীটোত তেওঁ বহুকেইখন নৃত্য নাটিকাত নৃত্য প্রদর্শন আৰু পৰিচালনা কৰাৰ লগতে হেমলেট, ক্লিওপেট্রা, ইলিয়াড, ওডিচি, ৰামায়ণ, টাইটানিক, নাগিনীৰ অমৃত দংশন, এমুঠি চাউল, শোণিত কুঁৱৰী, ৰাম বিজয়, চিৰাজ, মল্লিকা, কলংকিনী নায়িকা, দেৱযানী, কাৰবালা, শ্রীবৎসৰ চিন্তা আদি বহু নাটকত অভিনয়ো কৰিছিল৷

 

Related News