NORTHEAST NOW (Assamese)
অসম

তামুলপুৰ-ভুটান পথত ভয়াৱহ পথ দুৰ্ঘটনা; দুজন নিহত

Posted by: দিপক কুমাৰ পাঠক June 14, 2018 8:11 pm
পথ দুৰ্ঘটনা

বুধবাৰে নিশা প্ৰায় ৯ বজাত বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকি অন্তৰ্গত ৰঙিয়া-তামুলপুৰ-ভুটান পথত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়।

নিহত লোক দুজনক বগাজুলি বন সংমণ্ডলৰ অন্তৰ্গত সোণালীপাৰা গাঁৱৰ ৰথিন নাৰ্জাৰিৰ পুত্ৰ পুৰ্ণ নাৰ্জাৰি (২৫) আৰু হৰেন বসুমতাৰিৰ পুত্ৰ অৰ্জুণ বসুমতাৰি (২৯) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এ এছ-০১-বি কিউ-৩৯৫৮ নম্বৰৰ পাল্ছাৰ বাইকৰে দৰংমেলাৰ পৰা কুমাৰীকাটা অভিমুখে আহি থকা যুৱকদুজনে পানীটেংকি নামৰ ঠাইখিনি পাওঁতেই তেওঁলোকৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে।

উল্লেখযোগ্য যে দুৰ্ঘটনাৰ খবৰ পায়েই কুমাৰীকাটা আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনি ঘটনাস্থলীত উপস্থিত হয়, অৱশ্যে তেওঁলোকৰে এজনে ইতিমধ্যে প্ৰাণ হেৰুৱায়। আনহাতে আনজন যুৱকক স্থানীয় লোকৰ সহযোগত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আজি যুৱক দুজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান চলাই আছে, বাতৰি লিখা পৰলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অত্যধিক বেগত অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি সন্দেহ কৰিছে।