NORTHEAST NOW (Assamese)
অসম

তিনিগৰাকী অসম সন্তানলৈ সংগীত নাটক একাডেমি বঁটা

Posted by: এন ই নাও নিউজ June 22, 2018 3:46 pm
Sangeet Natak Akademi award

প্ৰখ্যাত সত্ৰীয়া নৃত্য শিল্পীদ্বয় জগন্নাথ বায়ন আৰু ৰামকৃষ্ণ তালুকদাৰ আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক ২০১৭ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

বৰপেটা সত্ৰৰ বৰবায়ন জগন্নাথ বায়নৰ জন্ম হৈছিল ১৯২৫ চনত। এসময়ত জীৱিকাৰ তাড়নাত বায়ন ডাঙৰীয়াই বৰপেটাৰ গাঁৱে গাঁৱে বস্তু বিক্ৰি কৰি ফুৰিছিল। তাৰ পাছত তেওঁৰ জীৱন তেওঁ শংকৰী সংস্কৃতিৰ সৈতে জড়িত হৈ পৰে আৰু সুদীৰ্ঘ কাল ধৰি একমনে সত্ৰীয়া সংস্কৃতিৰ সাধনাকেই তেওঁৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য কৰি লয়। বায়নে বহু কেইজনক খোল বজোৱাৰ প্ৰশিক্ষণ দিছে আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ পৃষ্ঠপোষকতাত আয়োজিত ভালেকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

আনহাতে, ৰামকৃষ্ণ তালুকদাৰৰ জন্ম হৈছিল ১৯৬৩চনত বৰপেটা জিলাৰ বামাখাতা গাঁৱত। তেওঁ আনন্দ মোহন ভাগৱতী, ৰসেশ্বৰ শইকীয়া বৰবায়ন, পদ্মশ্ৰী যতীন গোস্বামী আৰু পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়নৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছিল। ৰামকৃষ্ণ তালুকদাৰৰ পৰা  বেলাৰুছ, জাপান, কাজাখস্তান, আমেৰিকা আৰু ফ্ৰান্সৰ বহুতো শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছে।

তেওঁ ভালেমান গ্ৰন্থ ৰচনা কৰিছে আৰু ভাৰতৰ বিভিন্ন স্থানত তেওঁ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে লণ্ডন, কুৱেইট আদি ৰাষ্ট্ৰতো অনুষ্ঠান পৰিৱেশন কৰিছে।

তেওঁ ১২খনতকৈও অধিক সংখ্যক নৃত্য-নাটক প্ৰযোজনা আৰু নিৰ্দেশনা কৰিছে আৰু প্ৰায় ৩০টা নৃত্য নিৰ্দেশনা কৰিছে।

নুৰুদ্দিন আহমেদে কলা নিৰ্দেশক হিচাপে ৬০খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছে। বিগত ৩৫ বছৰ ধৰি তেওঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে জড়িত হৈ আছে।বৰ্তমান আহমেদ গুৱাহাটীৰ ৰাজদীপ আৰ্ট ষ্টুডিঅ’ত কৰ্মৰত নিয়োজিত হৈ আছে। আহমেদে ৪০গৰাকীতকৈও অধিক যুৱকক প্ৰশিক্ষণ দিছে আৰু তেওঁলোক এতিয়া চলচ্চিত্ৰ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে।