NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত জব্দ চুলাই মদ, এজনক আটক

Posted by: মানস প্ৰতিম গগৈ July 1, 2018 8:42 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন ঠাইত চলি থকা অবৈধ চুলাই মদৰ ব্যৱসায়ীৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰু ডিগবৈ আবকাৰী বিভাগে অভিযান চলাই আজি ১ জুলাইত এজন লোকক আটক কৰাৰ লগতে অবৈধভাৱে মজুত কৰি ৰখা ৪০০ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।

দিহিং বাগানৰ ৩৫ নম্বৰ লাইনৰ ছানিকা কৰ্মকাৰক আটক কৰাৰ লগতে ৪শ লিটাৰ অবৈধভাবে ৰখা চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।

আবকাৰী সূত্ৰে জানিব পৰা মতে ধৃত লোকজনে বাগান অঞ্চলৰ সুবিধা লৈ বাগানতে চুলাই মদ তৈয়াৰ কৰি মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰি আহিছিল। ধৃত লোকজনৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অধীনত ৫২৭/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।