NORTHEAST NOW (Assamese)
অসম

তিনি মহিলা সাহিত্যিকক অসম লেখিকা সংস্থাৰ সম্বৰ্ধনা

Posted by: এন ই নাও নিউজ December 22, 2017 8:47 am
তিনি মহিলা সাহিত্যিকক অসম লেখিকা সংস্থাৰ সম্বৰ্ধনা

সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কালি তিনিগৰাকী বিশিষ্ট ৰাষ্ট্ৰীয় বঁটা প্ৰাপক লেখিকাক সম্বৰ্ধনা জনায় অসম লেখিকা সংস্থাই। সাহিত্যিক তিনিগৰাকীৰ ভিতৰত আছে পদ্মশ্ৰী সন্মানেৰে বিভূষিতা এলি আহমেদ, দুবাৰকৈ সাহিত্য অকাডেমী বঁটা প্ৰাপক গীতা উপাধ্যায় আৰু ‘নাৰী শক্তি বঁটা’ প্ৰাপক সুমিত্ৰা হাজৰিকাক কালি গুৱাহাটী প্ৰেছ ক্লাবত অসম লেখিকা সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিশেষ ভাবে আয়েজিত সম্বৰ্ধনা অনুষ্ঠানত সংস্থাৰ ফালৰ পৰা বিশিষ্ট সাহিত্যিক তিনিগৰাকীক এখনকৈ সম্বৰ্ধনা পত্ৰ, গামোচা আৰু জাপিৰে সন্মানিত কৰে।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞী, কবি মীৰা ঠাকুৰৰ লগতে লেখিকা সংস্থাৰ বহু বিষয় ববীয়া। সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক এলি আহমেদে ভাষণ প্ৰসংগত কয়- মই কেতিয়াও সপোন নেদেখু আৰু আশাবাদীও নহয়। ‘মই সদায় সমাজৰ হৈ কাম কৰি যাম’ বুলিও উল্লেখ কৰে।