NORTHEAST NOW (Assamese)

মমতা বেনাৰ্জীয়ে তৃণমূলৰ নেতাক পশ্চিম বংগৰ চৰকাৰী কাৰ্য্যালয়ত ধৰ্ণা দিবলৈ কওক : দেৱব্ৰত শইকীয়া

July 31, 2018 8:48 pm · কল্পজ্যোতি শইকীয়া
Updated: July 31, 2018 8:54 pm
অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া : ফাইল ফটো

এন আৰ চি সম্পৰ্কে মাত মতাতকৈ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ নেতাসকলক পশ্চিম বংগৰ চৰকাৰী কাৰ্য্যালয়ত ধৰ্ণা দিবলৈ আহ্বান জনোৱাহে উচিত বুলি মত প্ৰকাশ কৰিছে অসমৰ বিৰোধী দলপতি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

নৰ্থ ইষ্ট নাও-ৰ সৈতে আজি ৩১ জুলাইত হোৱা কথা-বতৰাত পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীৰ প্ৰতি এই তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

‘মমতা বেনাৰ্জীয়ে যিখিনি কথা ক’লে সেয়া কোৱাতকৈ তেখেতৰ সাংসদ, বিধায়ক তথা দলীয় কৰ্মীসকলক (পশ্চিম বংগৰ) চৰকাৰী কাৰ্য্যালয়সমূহত ধৰ্ণা দিবৰ বাবে আহ্বান জনোৱা উচিত,’ মন্তব্য শইকীয়াৰ।

পশ্চিম বংগৰ চৰকাৰী বিভাগসমূহে verificationৰ পত্ৰসমূহ অসমলৈ যথাসময়ত নপঠিওৱাৰ বাবেই ৰাজ্যখনৰ পৰা বিয়া হৈ অহা বহু বোৱাৰীৰ নাম এন আৰ চিত নহা বুলি দাবী কৰি বেনাৰ্জীক এই পৰামৰ্শ আগবঢ়াইছে শইকীয়াই।

‘মমতা বেনাৰ্জীয়ে এতিয়া অসমৰ হৈ মাত মাতিছে। কিন্তু এন আৰ চি প্ৰক্ৰিয়া চলি থকাৰ সময়ত কিয় তেওঁ পশ্চিমবংগৰ পৰা বিবাহসূত্ৰে অসমৰ বিভিন্ন স্থানত বোৱাৰী হৈ অহা মহিলাসকলৰ সত্যাসত্যতা প্ৰমাণৰ নথি-পত্ৰসমূহ যোগান ধৰিব নোৱাৰিলে? যাৰ বাবে বহুতৰে নাম এনআৰচিত অহা নাই,’ দাবী কংগ্ৰেছ নেতাজনৰ।

মমতা বেনাৰ্জীয়ে কৰা ধৰণৰ ৰাজনীতি কৰা ‘উচিত নহয়’ বুলিও শইকীয়াই মন্তব্য কৰে।

শুদ্ধ এন আৰ চিৰ যোগেদি বহু বছৰ ধৰি এচাম ভাৰতীয় লোকক ধৰ্ম বা ভাষাৰ বাবে সন্দেহযুক্ত নাগৰিক বুলি ভুগি অহা গ্লানি দূৰ কৰিবৰ বাবে কংগ্ৰেছ চৰকাৰেই এনআৰচি প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছিল বুলিও উল্লেখ কৰে শইকীয়াই।

প্ৰকৃত বিদেশী চিনাক্ত কৰা আৰু প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে সৰ্বতোপ্ৰকাৰৰ সহায় আগবঢ়াব বুলিও শইকীয়াই ঘোষণা কৰে। ‘প্ৰয়োজনসাপেক্ষে পৰৱৰ্তী পৰ্য্যায়ত আইনী সাহায্যও প্ৰদান কৰিব কংগ্ৰেছে,’ জনালে শইকীয়াই।

চিপাহী বিদ্ৰোহী আৰু স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিৰ খচৰাত বাদ পৰাৰ প্ৰসংগ উল্লেখ কৰি ‘প্ৰায়খিনি বিষয়া-কৰ্মচাৰীয়ে গুৰুত্বসহকাৰে তথা অতি নিষ্ঠাৰে কাম কৰিছে যদিও কিছুসংখ্যকে পক্ষপাতিত্বমূলকভাৱে কাম কৰা বুলি অনুভৱ হয়,’ বুলি মন্তব্য কৰে শইকীয়াই।

আনহাতে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগৰ আদিৰপৰা অসমত আহি বসবাস কৰা লোকসকলৰ নাম তেওঁলোকৰ নিজৰ ৰাজ্যৰ পৰা সত্যাসত্য নিৰ্ণয়ৰ নথি বৰ্তমানো অসমলৈ আহি নোপোৱাৰ কাৰণে এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই বুলি মন্তব্য কৰে শইকীয়াই।

Related News