NORTHEAST NOW (Assamese)
অসম

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ উৰ্ধ্বসীমা ৪৪বছৰলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ April 19, 2018 12:32 pm
governnment

চাকৰি প্ৰত্যাশী নিৱনুৱা যুৱক- যুৱতীৰ বাবে এক সুখবৰ। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত চাকৰিৰ বয়সৰ উৰ্ধ্বসীমা ৪৪ বছৰলৈ বৃদ্ধি কৰিছে।

ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ সচিবে এই সন্দৰ্ভত এক আনুষ্ঠানিক জাননী জাৰি কৰি বিষয়টো নিশ্চিত কৰিছে বুলি জানিব পৰা গৈছে।

অৱশ্যে জাননীটোত প্ৰকাশ পোৱা অনুসৰি অসম আৰক্ষী সোৱাৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব। আনহাতে কাৰাগাৰ, অগ্নিনিৰ্বাপন, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা আদি ক্ষেত্ৰত অনুসূচিত জাতি জনজাতিৰ লগতে অন্যান্য পিছপৰা শ্ৰেনীৰ লোকসকলে পূৰ্বতে উপভোগ কৰি থকা বয়সৰ ঊৰ্ধ্বসীমাৰ ৰেহাইৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। কিন্তু তাৰ বাবে তেওঁলোকে প্ৰয়োজনীয় আন নীতি নিয়ম সমূহ পূৰ কৰাটো বাঞ্ছনীয় হ’ব।

উল্লেখযোগ্য যে অসম চৰকাৰে জাৰি কৰা জাননীৰ মতে বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধিৰ এই নতুন নিৰ্দেশনা যোৱা ৩ মাৰ্চৰ পাছত প্ৰকাশ পোৱা বিজ্ঞাপনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। অনহাতে  তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত চাকৰিৰ উৰ্ধ্বসীমা বৃদ্ধিৰ নিৰ্দেশনা অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য হ’ব।

নিবনুৱাক সংস্থাপন দিবলৈ ৰাজ্য চৰকাৰখনে গ্ৰহন কৰা এই নীতিৰ জৰিয়তে ৰাজ্যখনৰ চাকৰি প্ৰত্যাশী যুৱক- যুৱতী সকল লাভাৱান্বিত হ’ব বুলি আশা কৰা হৈছে।