NORTHEAST NOW (Assamese)
অসম

তেজপুৰত বনবিভাগে জব্দ কৰে চোৰাং কাঠ ভৰ্তী ট্ৰাক

Posted by: উত্তম শইকীয়া February 14, 2018 4:54 pm
Illegal timber loaded truck seized

ৰাজ্যখনত সময়ে সময়ে সংঘটিত হৈ অহা কাঠ তথা বনজ সম্পদৰ চোৰাং সৰবৰাহৰ সময়তে আজি চলোৱা এক অভিযানত তেজপুৰত বনবিভাগে চোৰাং কাঠ ভৰ্তী এখন ট্ৰাক জব্দ কৰে।

এক গোপন সূত্ৰৰ পম খেদি তেজপুৰৰ বনবিভাগে আজি পুৱতি নিশা এখন ১২ চকীয়া ট্ৰাকত বোজাই কৰি অনা ৩০ ঘন মিটাৰৰ চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচলৰ পৰা ট্ৰাকেৰে কাঠ খিনি আনি থকা অৱস্থাত তেজপুৰৰ বন বিভাগৰ এক অভিযানকাৰী দলে ট্ৰাক সহ উক্ত চোৰাং কাঠখিনি জব্দ কৰে ৷

জানিব পৰা মতে যোৱা কিছু দিন ধৰি তেজপুৰৰ বন বিভাগ এই ট্ৰাকখনৰ সন্ধানত আছিল।

আজি পুৱতি নিশা জিলা বন সংৰক্ষক পি শিৱ কুমাৰৰ তত্বাৱধানত যোৱা বিভাগীয় অভিযানকাৰী দলে ৩০ ঘন মিটাৰৰ চোৰাং কাঠৰ সৈতে ট্ৰাকখন জব্দ কৰে ৷

সম্প্ৰতি অধিক তথ্যৰ বাবে বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে।