NORTHEAST NOW (Assamese)
Popular Stories

তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্যৰূপে ঘোষিত অধ্যাপক ৱিনোদ কুমাৰ জৈন

Posted by: প্ৰণৱ কুমাৰ দাস February 15, 2018 8:05 pm
Dr-VK-Jain

তেজপুৰ বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য্য হ’ল অধ্যাপক ৱিনোদ কুমাৰ জৈন।

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জৈনক ৫ বছৰৰ বাবে তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য নিযুক্ত কৰা হৈছে।

ভাৰত চৰকাৰৰ অবৰ সচিব এচ কে’ বিশ্বাসে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই নিযুক্তি দিয়াৰ বিষয়ে জনাইছে।

নতুন উপাচাৰ্য্যগৰাকীয়ে অহা সপ্তাহত বিশ্ববিদ্যালয়খনত যোগদান কৰাৰ সম্ভাৱনা আছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবাদ কোষৰ অধ্যক্ষ ডঃ ৰাজীৱ দলেই এন ই নাওক নতুন উপাচাৰ্য্য নিযুক্তি সম্পৰ্কীয় এইখিনি তথ্য জনাইছে।