NORTHEAST NOW (Assamese)
Popular Stories

ত্রিপুৰাৰ মেকানিকে সাজি উলিয়ালে ছ’চিয়েল ডিস্টেন্সিং উপযোগী বাইক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2020 8:57 am

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত মানুহৰ মাজত শাৰীৰিক ব্যৱধান বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব দি অহাৰ সময়তে ত্ৰিপুৰাৰ এজন ব্যক্তিয়ে বৰ্তমান পৰিস্থিতিৰ কথা ভাবি সাজি উলিয়াইছে এখন বিশেষ বাইক।

পাৰ্থ সাহা নামৰ মেকানিক গৰাকীয়ে সাজি উলিওৱা বেটেৰী চালিত বাইকখনত চালক আৰু আৰোহী চিটৰ মাজত থকা দূৰত্ব হৈছে এক মিটাৰ।  

এতিয়া বাইকখনত নিজৰ কন্যাক উঠাই মাজে সময়ে এপাক ফুৰাই আনে বুলি আগৰতলাৰ পাল পাৰা নিৱাসী পাৰ্থ সাহাই কয়।

তেওঁ কয়, ‘বহুত দিনৰ পৰা মই এনে এখন বাইক সাজি উলিওৱাৰ কথা ভাবি আছিলো য’ত আৰোহী দুজনৰ মাজত শাৰীৰিক দূৰত্ব বৰ্তি থাকে’।    

‘আৰু বিশেষকৈ মোৰ কন্যাক লগত লৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি কেনেকৈ বাহিৰলৈ ওলাই যাম সেই কথা মোৰ মনত চলি আছিল। এতিয়া আমি দুয়ো এইখন বাইকতে বাহিৰলৈ যাঁও’ তেওঁ কয়।

বাইকখনত বনাবলৈ তেওঁক এটা ৭৫০ ৱাটৰ মটৰ আৰু লিঠিয়াম বেটেৰী প্ৰয়োজন হৈছিল বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

একেটা দিনতে নিৰ্মাণ কৰা বাইকখন এবাৰ সম্পূৰ্ণ ছাৰ্জ হ’বলৈ ২ৰ পৰা ৩ ঘণ্টা সময় লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এবাৰ ছাৰ্জ কৰাৰ পিছত বাইকখন ৮০ কিঃ মিঃ পৰ্যন্ত চলাব পাৰি।