NORTHEAST NOW (Assamese)
অসম

ত্রিশ বছৰীয়া কংখাম ৰবীন্দ্ৰো মণিপুৰ বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত

Posted by: ছভাপতি ছামম February 8, 2018 10:29 pm
K-Robindro-570x320

শাসকীয় ভাৰতীয় জনতা দলৰ বিধায়ক কংখাম ৰবীন্দ্ৰো সিং একাদশ মণিপুৰ ৰাজ্য বিধানসভাৰ নতুন উপাধ্যক্ষ হিচাপে বৃহস্পতিবাৰে নিৰ্বাচিত হয়।

কংখাম ৰবীন্দ্ৰো সিঙে চলিত ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশনত প্ৰতিদ্বন্দ্বী কংগ্ৰেছ বিধায়ক ফাজুৰ ৰহিমক মৌখিক ভোটত পৰাজিত কৰি নিৰ্বাচিত হয়।

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ মায়ঙ ইম্ফল থানাৰ আৱাং লেইকাইৰ কংখাম মেংলেমৰ জ্যেষ্ঠ পুত্ৰ ৰবীন্দ্ৰো মণিপুৰ বিধানসভালৈ এতিয়ালৈ নিৰ্বাচিত যুৱ উপাধ্যক্ষ সকলৰ এজন। তেওঁৰ বয়স মাত্ৰ ৩০ বছৰ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙ আৰু কংগ্ৰেছৰ বিৰোধী দলৰ নেতা অ’ ইবোবি সিঙে বিধানসভাৰ নতুন উপাধ্যক্ষগৰাকীক আদৰণি জনায়।

নিৰ্বাচনৰ পিছতে চলিত বিধানসভাত দুটা সুকীয়া বিবৃতিৰ জৰিয়তে বীৰেন সিং আৰু ইবোবি সিঙে আশা  প্ৰকাশ কৰে যে নতুন উপাধ্যক্ষ গৰাকীয়ে ৰাজ্য বিধানসভাত বৰ্তি থকা গণতান্ত্ৰিক মানদণ্ড অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ব।

ৰবীন্দ্ৰোই বাণিজ্য প্ৰশাসন বিষয়ত ব্ৰিটেইনৰ এংলিয়া ৰাস্কিন বিশ্ববিদ্যালয়ৰ পৰা ২০১২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ ২০১৭ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে একাদশ মণিপুৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

তেওঁ যোৱা বছৰ অনুষ্ঠিত নিৰ্বাচনটোত প্ৰাক্তন শিক্ষামন্ত্ৰী কে এইচ ৰতনকুমাৰক ৩০৯৪ টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল।