NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাত কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ : দুজনক আটক

Posted by: পান্না ঘোষ May 21, 2018 4:47 pm
cannabis seized

ত্ৰিপুৰাত আজি আৰক্ষীয়ে চলোৱা দুটা পৃথক অভিযানত কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। প্ৰথমটো ঘটনাত পশ্চিম ত্ৰিপুৰা জিলাৰ টেলিমৌৰাত আৰক্ষীয়ে এক অভিযান চলাই ৩৫ বেগ গাঞ্জা জব্দ কৰে।

জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য ৫ লাখ টকাতকৈ অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত টেলিমৌৰাৰ মহকুমা আৰক্ষী বিক্ষয়া তপন দাসে এক আকস্মিক অভিযান চলাই এখন ব’লেৰ গাড়ীৰ পৰা ৩৫ বেগ গাঞ্জা জব্দ কৰে।

আনহাতে আনটো অভিযানত উত্তৰ ত্ৰিপুৰা জিলাৰ পানীসাগৰত পানীসাগৰৰ মহকুমা আৰক্ষী বিষয়া ৰাজীব সুত্ৰধাৰৰ নেতৃত্বত যোৱা এটা দলে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ১০ চকীয়া গাড়ীৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰে। গাঞ্জাখিনিৰ মূল্য ৭০ লাখ হ’ব বুলি জানিব পৰা গৈছে।

এই সংক্ৰান্তত এতিয়ালৈকে দুজন লোকক আটক কৰা হৈছে। আটকাধিন লোকদুজনক দিপু কুমাৰ আৰু সুৰজ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য ত্ৰিপুৰাত বৰ্তমান গাঞ্জাৰ চোৰাং ব্যৱসায় দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে।