NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাত বিক্ষিপ্ত ঘটনাত বিজেপিৰ ৫জন, কংগ্ৰেছৰ ৪জন আৰু চিপিএমৰ ২জন কৰ্মী-সমৰ্থক আহত

Posted by: এন ই নিউজ ব্যুৰো, আগৰতলা : November 23, 2017 11:02 am

মঙলবাৰে ৰাজ্যখনত টি এছ আৰৰ কমাণ্ডেণ্টৰ ব্যক্তিগত নিৰাপত্তা ৰক্ষীয়ে এজন সাংবাদিকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আজি বিজেপি দলে আহ্বান জনোৱা ১২ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ মাজতে কেইবাটাও সংঘৰ্ষৰ বাতৰি পোৱা গৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে একাধিক বিক্ষিপ্ত ঘটনাত বিজেপি ৫জন, কংগ্ৰেছৰ ৪জন আৰু চিপিএমৰ ২জন সমৰ্থকৰ লগতে এজন আৰক্ষীৰ জোৱানো আহত হৈছ। আহতসকলৰ কেইজনমানৰ নাম হ’ল ৰাজেশ সাহা, সুমন ঘোষ, দীপ্তানু চৌধুৰী, সঞ্জয় দাস আৰু আৰক্ষী জোৱানজনৰ নাম শ্ৰীকান্ত বৰ্ধন। বিজেপিৰ ৰাজেশ সাহাক আই জি এম আৰু দীপ্তাণু চৌধুৰীক জি বি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। কংগ্ৰেছৰ আহতকেইজনৰ ভিতৰত আছে বিকি শীল, শান্তনু পাল, টুতল দে’, সুশান্ত চক্ৰবৰ্তী। চি পি আই-এমৰ এজন আহত কৰ্মীৰ নাম সুমন ঘোষ। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে  আৰক্ষীৰ বিৰুদ্ধে পৰিস্থিতি নিয়ন্ত্ৰণত দায়িত্বৰ অৱহেলা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীৰ উপস্থিতি সত্ত্বেও দুটা দলৰ কৰ্মীয়ে মুখামুখিকৈ সংঘৰ্ষত লিপ্ত হোৱাৰ সুযোগ কেনেকৈ পালে বুলি প্ৰশ্ন কৰিছে ৰাইজে।