NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ নতুন মন্ত্ৰী বিপ্লব কুমাৰ দেবলৈ বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ শুভেচ্ছা

March 9, 2018 10:33 pm · এন ই নাও নিউজ

আজি শপত গ্ৰহণ কৰা ত্ৰিপুৰাৰ নতুন মন্ত্ৰী বিপ্লব কুমাৰ দেবক বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই শুভেচ্ছা জ্ঞাপন কৰিছে।

মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ এক প্ৰেছ বিবৃতিত প্ৰকাশ, ‘ঢাকাৰ পৰা বাংলাদেশৰ প্ৰধান মন্ত্ৰীয়ে দেবলৈ ফোন কৰি তেওঁৰ লগতে তেওঁৰ মন্ত্ৰীসভাক শুভেচছা জনায়।’

উল্লেখযোগ্য যে ৪৮ বছৰ বসয়ীয়া বিপ্লব দেবৰ উপৰিপুৰুষৰ ঘৰ দক্ষিণ-পূব বাংলাদেশৰ চিত্তাগং মণ্ডলৰ চাণ্ডপুৰত। তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল।

২০১১ চনৰ জানুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণ কৰা হাছিনাই দেবক কয় যে তেওঁৰ চৰকাৰে সামূহিক স্বাৰ্থ আগত ৰাখি ত্ৰিপুৰা চৰকাৰৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি যাব।

আজি আগৰতলাৰ আছাম ৰাইফলছৰ খেলপথাৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানি, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ, জ্যেষ্ঠ নেতা ৰাম মাধৱ, সুনীল দেওধৰ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু জ্যেষ্ঠ নেতা- কৰ্মী উপস্থিত আছিল।

Related News