NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লক্ষ্যৰে সামৰিক বাহিনী মোতায়েন

January 16, 2018 1:50 pm · পান্না ঘোষ
Updated: January 16, 2018 2:22 pm

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত কোনো হিংসাত্মক তথা কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰাৰ বাবে নিৰাপত্তামূলক ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। ৰাজ্যখনত কেন্দ্ৰীয় সামৰিক বাহিনীৰ ২৫টা গোটক সুৰক্ষাৰ স্বাৰ্থত তথা নিৰ্বাচন সুকলমে চলি যোৱাৰ বাবে নিয়োজিত কৰা হৈছে।

ঠিক সেইদৰে নিৰ্বাচনৰ প্ৰাকক্ষণত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নোহোৱাৰ বাবেই ধৰ্মনগৰতো সামৰিক বাহিনীৰ এটা বৃহৎ দল মোতায়েন কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। তদুপৰি মহিলা সামৰিক বাহিনীৰ দল এটাও প্ৰতিকূল কাৰ্য কলাপ ৰোধ কৰাৰ বাবে নিযোজিত কৰা হৈছে।

নিৰ্বাচনৰ সময়ত ৰাজ্যখনত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অৰ্ধ সামৰিক বাহিনীৰ ৩০০টা কোম্পানী মোতায়েন কৰা হ’ব বুলি শুত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে চি আৰ পি এফ, বি এছ এফ, ইণ্ডো-টিবেটান বৰ্ডাৰ পুলিচ আৰু অন্যান্য ৰাজ্যিক প্ৰশাসনিকৰ দলে ইতিমধ্যেই ৰাজ্যখনত আহি উপস্থিত হৈছেহি।

আনহাতে ৰাজ্যখনৰ নিৰ্বাচন বিভাগে জানুৱাৰিৰ ৫ তাৰিখে প্ৰকাশ কৰা ভোটাৰ তালিকাত মুঠ ২৫,৬৯,২০৫ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে। ইয়াৰে ১৩,০৩,৪২০ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১২,৬৫,৭৮৫।

ত্ৰিপুৰাৰ নিৰ্বাচন হ’ব বিজেপি আৰু বাম মৰ্চাৰ মাজৰ পোনপটিয়া যুঁজ। ৰাজ্যখনত হোৱা ২০১৩ ৰ বিধানসভা নিৰ্বাচনত ৬০ জনীয়া বিধানসভাৰ ৪৯ খন আসন দখল কৰি চি পি আই (এম)এ একেৰাহে পঞ্চম বাৰৰ বাবে শাসনলৈ আহিবলৈ সক্ষম হৈছিল। ২০১৮ চনৰ ত্ৰিপুৰা নিৰ্বাচনত উত্তপ্ত প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা কৰা হৈছে আৰু সেয়েহে কটকটীয়া নিৰাপত্তাৰ স্বাৰ্থত ৰাজ্যখনত এনেদৰে সামৰিক বাহিনী মোতায়েন কৰা হোৱা বুলি জানিব পৰা গৈছে।

Related News