NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল দেবেশ নন্দন সাহাইৰ দেহাৱসান

Posted by: এন ই নাও নিউজ January 30, 2018 5:18 pm
Former Tripura Governor Devesh Nandan Sahay

সোমবাৰে ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল দেবেশ নন্দন সাহাইৰ দেহাৱসান ঘটে।

বহু দিন ধৰি অসুখত ভুগি থকা ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল গৰাকীৰ কালি ৰাতি বিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। পৰিয়ালৰ সূত্ৰই এই কথা জানিবলৈ দিয়ে।

দুগৰাকী জীয়েক আৰু এজন পুত্ৰক এৰি থৈ যোৱা প্ৰাক্তন ৰাজ্যপাল গৰাকীৰ মৃত্যুৰ সময়ত ৮২ বছৰ বয়স হৈছিল।

১৯৩৬ চনত বিহাৰৰ মধেপুৰ জিলাত জন্মগ্ৰহণ কৰা সাহাইয়ে ভাৰতীয় আৰক্ষী সেৱাত কৰ্মজীৱন আৰম্ভ কৰি বিহাৰৰ আৰক্ষী সঞ্চালকপ্ৰধানল পদলৈ উন্নীত হৈছিল।

অৱসৰৰ পিছত সমতা দ’লত যোগদান কৰা সাহাই ২০০০ চনত ৰাজ্যৰ মৰ্যাদা পোৱা ছত্তিশগড়ৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল।

ইয়াৰ পিছত তেওঁ ২০০৩ৰ পৰা ২০০৯ চনলৈকে ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে দ্বায়িত্বভাৰ পালন কৰে।

দেবেশ নন্দন সাহাইৰ মৃত্যুত শোক প্ৰকাশ কৰি বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে প্ৰাক্তন ৰাজ্যপাল গৰাকী এজন সুদক্ষ ৰাজনৈতিক নেতা তথা নিষ্ঠাবান সামাজিক কৰ্মী আছিল বুলি মন্তব্য কৰে।