NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰে মিত্ৰতাৰ পথত অগ্ৰসৰ আই পি এফ টি

Posted by: এন ই নাও নিউজ January 3, 2018 6:46 pm
ত্ৰিপ্ৰালেণ্ড

আসন্ন ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁট গঠনৰ দিশে আগবাঢ়িছে ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চ ( Indigenous People’s Front of Tripura)। এই সন্দৰ্ভত বিজেপিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’বৰ বাবে মঞ্চৰ সভাপতি এন চি দেৱবাৰ্মাৰ নেতৃত্বত এটা প্ৰতিনিধি দল  যোৱা সোমবাৰে দিল্লীলৈ বুলি ৰাওনা হৈছে।

পৃথক জনজাতি ৰাজ্য ‘ত্ৰিপ্ৰালেণ্ড’ সম্পৰ্কে আলোচনা কৰাৰ উপৰি মাৰ্চত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচন বিজেপিৰ সৈতে সম্ভাৱ্য মিত্ৰতা সম্পৰ্কেও আলোচনা কৰাৰ বাবে প্ৰতিনিধি দলটোৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ কৰিব ।

তাৰোপৰি প্ৰতিনিধি দলটো শীৰ্ষ বিজেপি নেতা দ’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু ত্ৰিপুৰা নিৰ্বাচনৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও বৈঠকত মিলিত হ’ব।

 

মঞ্চৰ নেতৃবৰ্গই জনোৱা মতে তেওঁলোকৰ শীৰ্ষ নেতৃত্ব ‘এক শক্তিশালী আৰু বাওঁ বিৰোধী ৰাজনৈতিক শক্তি’ৰ সৈতে মিত্ৰজোঁট গঢ়াৰ সন্দৰ্ভত ঐকমত্যত উপনীত হৈছে।

কঠোৰপন্থী নেতা দেৱবাৰ্মাই জোৰ দি কয় যে ত্ৰিপুৰাৰ চি পি আই (এম) নেতৃত্বাধীন বাওঁ ফ্ৰণ্টক পৰাজিত কৰিবৰ কাৰণে তেওঁলোকে এটা ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰিব খোজে।

‘ত্ৰিপ্ৰালেণ্ড’ দাবীয়ে যথোচিত গুৰুত্ব পালেহে এই সম্পৰ্কীয় আলোচনা আগবাঢ়িব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, ‘সকলো কথা বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিছে। আমাৰ মূল দাবী হ’ল ৰাজ্যৰ খিলঞ্জীয়া লোক সকলৰ বাবে এক পৃথক ৰাজ্য ‘ত্ৰিপ্ৰালেণ্ড’ আৰু দুয়োপক্ষ এইক্ষেত্ৰত একমত হ’লে এক বুজাবুজিত উপনীত হ’ব পৰা যায়।’

বিজেপিৰ ৰাজ্যিক সভাপতি বিপ্লব দেবৰ  ‘ত্ৰিপ্ৰালেণ্ড’ বিৰোধী বিবৃতি সন্দৰ্ভত মন্তব্য কৰি প্ৰবীণ জনজাতি নেতাজনে কয় যে, ‘তেওঁ বিষয়টো সন্দৰ্ভত নিশ্চয় দুতলীয়া স্থিতি গ্ৰহণ কৰিছে। আমি ইতিমধ্যেই এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বৰ সৈতে এক বৈঠকত মিলিত হৈছো।’

উল্লেখযোগ্য যে ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লব দেবো মিত্ৰতা সম্পৰ্কীয় নিৰ্ধাৰিত বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে।