NORTHEAST NOW (Assamese)
Uncategorized

দক্ষিণ-পূব এছিয়াৰ দেশবোৰলৈ দ্বিতীয় এটা ক’ৰিডৰৰ প্ৰস্তাৱ বীৰেন সিঙৰ

Posted by: এন ই নাও নিউজ December 19, 2017 10:24 pm
দক্ষিণ-পূব এছিয়াৰ দেশবোৰলৈ দ্বিতীয় এটা ক’ৰিডৰৰ প্ৰস্তাৱ বীৰেন সিঙৰ

আজি মণিপুৰৰ মুখ্য মন্ত্ৰীয়ে এটা অনুষ্ঠানত ভাল গৈ কয় যে কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ আধাৰত ম্যানমাৰৰ সীমামূৰীয়া চিন জিলাৰ সৈতে লাগি থকা মণিপুৰৰ চুৰাচন্দপুৰ জিলাৰ প্ৰায় অখ্যাত এটা পথক দক্ষিণ-পূব এছিয়াৰ দেশবোৰলৈ দ্বিতীয়টো কৰিড’ৰ হিচাপে নিৰ্মাণ কৰা হ’ব। চুৰাচন্দপুৰ জিলা সদৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দূৰত থকা চিনঘাট পাহাৰী নগৰখনৰ মাজেৰে যোৱা পথটো চুৰাচন্দপুৰ-বেহিয়াং নামেৰে জনা যায়। আজি বেহিয়াং গাওঁলৈ তেওঁ কৰা প্ৰথমটো ভ্ৰমণৰ সময়ত জৌ গল শতবৰ্ষ সোঁৱৰণি অনুষ্ঠানত ভাগ লৈ মুখ্য মন্ত্ৰীজনে এইদৰে কয়। তেওঁ লগতে কয় যে মণিপুৰ চৰকাৰে মৰেত থকাৰ দৰে বেহিয়াঙতো এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰাৰ কথা চিন্তা কৰি আছে, যাতে সীমান্তৰ বাণিজ্যক অধিক গতি দিব পৰা যায়। ‘বাণিজ্যকেন্দ্ৰ প্ৰতিষ্ঠা কৰিবৰ বাবে যোগাযোগ ব্যৱস্থা উন্নত কৰিব লাগিব।’ তেওঁ কয়। তাৰোপৰি তেওঁ কয় যে চুৰাচন্দপুৰ-বেহিয়াং পথৰ চিনঘাট-বেহিয়াং অংশটোৰ ৰাষ্ট্ৰীয় পথলৈ উন্নীত কৰিবলৈ তেওঁ কেন্দ্ৰীয় পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰিক অনুৰোধ কৰিছে।

আনহাতে বেহিয়ান গাওঁবাসীক আন এটা প্ৰতিশ্ৰুতি দি মুখ্য মন্ত্ৰীজনে কয় যে ঐতিহাসিক স্থানডোখৰৰ সংৰক্ষণ কৰিব আৰু ৰজাজনৰ স্মৃতি সজীৱ কৰিব পৰাকৈ চৰকাৰে বিশেষ আঁচনি ল’ব।

উল্লেখযোগ্য যে সীমান্তৰ গাওঁখনৰ হাজাৰ হাজাৰ লোকে তেওঁলোকৰ পৰম্পৰাগত পোচাকত অনুষ্ঠানটোলৈ আহিছিল আৰু তেওঁলোকে মুখ্য মন্ত্ৰীজনক উষ্ণ আদৰণি জনাইছিল।

অনুষ্ঠানটোত মণিপুৰ পুনৰনৱীকৰণযোগ্য শক্তি বিকাশ প্ৰাধিকৰণৰ সভাপতি জিনছুৱানহো, স্বাস্থ্য মন্ত্ৰী, লাংপকলাকপাম জয়ন্তকুমাৰ, কৃষি মন্ত্ৰী হাংখানলিয়াং, বিধায়ক এ ৰঞ্জন, এল ৰামেশ্বৰ, এইচ্চ ডিংগো, কে ৰবিন্দ্ৰো, মুখ্য সচিব আৰ আৰ ৰশ্মিৰ, ডি জি পি এল এম খৌটে আৰু অন্যান্য শীৰ্ষস্থানীয় অসামৰিক বিষয়া তথা আৰক্ষী বিষয়াসকল উপস্থিত আছিল।