NORTHEAST NOW (Assamese)

দিল্লীত আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অসমৰ দিব্যজ্যোতি শইকীয়া

February 6, 2018 11:31 am · এন ই নাও নিউজ

সোমবাৰে নতুন দিল্লীৰ পাঞ্জাৱীবাগত আন্না হাজাৰেৰ টীম আন্নাৰ নেতৃত্বত জন লোকপাল বলবৎকৰণ তথা দুৰ্নীতি বিৰোধী আন্দোলনৰ নতুন কাৰ্যালয় উদ্বোধন কৰা হয়।

এই অনুষ্ঠানত  টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা অসমৰ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে।

উদ্বোধনী ভাষণত আন্নাই কয় যে অহা ২৩ মাৰ্চত দেশৰ প্ৰকৃত মালিক অৰ্থাৎ সাধাৰণ জনতা আৰু কৃষকৰ অধিকাৰৰ বাবে মই টীম আন্নাক লগত লৈ পুনৰ আন্দোলনত বহিম।

‘’দেশৰ প্ৰকৃত মালিকসকল এতিয়া টোপনিত আছে। সেয়ে প্ৰকৃত মালিক অৰ্থাৎ দোশৰ সাধাৰণ জনতাক মই জগাব বিচিৰিছো,’’-আন্নাই কয়।

লোকপাল বলবৎ নকৰালৈকে আন্দোলন জাৰি থকিব বুলিব উল্লেখ কৰি আন্নাই কয় যে মালিক টোপনিত থকা বাবে সেৱকে দেশখন লুটি পুটি খাইছে।

উক্ত উদ্বোধনী অনুষ্ঠানত অসমৰ টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ ৰাষ্ট্ৰীয় সদস্য মানৱ অধিকাৰ তথা সামাজিক কৰ্মী দিব্যজ্যোতি শইকীয়াই অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত দিব্যজ্যোতি শইকীয়াই কয় যে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আন্দোলন বা সংগ্ৰাম কৰিবলৈ যাওতে নিজে ভ্ৰষ্টাচাৰমুক্ত হৈ ল’ব লাগিব। আন্নাৰ এই দুৰ্নীতি বিৰোধী আন্দোলনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি শইকীয়াই তেওঁৰ ভাষণত প্ৰকাশ কৰে।

আজিৰ যুৱ সমাজে অতন্দ্ৰ প্ৰহৰী হৈ দেশ আৰু সমাজৰ বাবে ত্যাগ স্বীকাৰ কৰি দেশৰ জনতাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব বুলি উল্লেখ কৰি শইকীয়াই কয় যে দেশৰ সত্তৰ শতাংশ কৃষক আজি সুৰক্ষিত নহয়।

এইবাৰ আন্দোলনত কাকো ৰাজনীতি কৰাৰ সুযোগ দিয়া নহ’ব বুলিও দোহাৰে শইকীয়াই।

আনহাতে, দেওবাৰে হাৰিয়ানাৰ ফৰিদাবাদত অনুষ্ঠিত এখন জনসভাত আন্না হাজাৰেৰ সৈতে অসমৰ টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য দিব্যজ্যোতি শইকীয়াও উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

Related News