NORTHEAST NOW (Assamese)
অসম

দুই কৃতী শিক্ষাৰ্থীক এককালীন সাহায্য প্ৰদান ডিমৌৰ আৰক্ষী অধীক্ষকৰ

Posted by: হিতোজ্বল চেতিয়া June 18, 2018 12:24 pm
ATTACHMENT

সদ‍্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত ক্ৰমে অষ্টম আৰু সপ্তম স্থান লাভ কৰি ডিমৌলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ গুঞ্জানন বৰুৱা আৰু ৰমিন গগৈক ডিমৌ আৰক্ষী অধীক্ষকে শণিবাৰে এককালীন সাহায্য প্ৰদান কৰি সম্বৰ্ধনা জনায়।

উল্লেখ‍্যযোগ্য যে  যোৱা ৩ জুনত ডিমৌ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সংবাদসেৱী সকলৰ উমৈহতীয়া মঞ্চ ডিমৌ প্ৰেছ ক্লাবৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবছৰো হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিমৌলৈ গৌৰৱ কঢ়িয়াই অনা থাওৰা সমষ্টিৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰায় ৫০০ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাইছিল।

উক্ত দিনাৰ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শিৱসাগৰ জিলা আৰক্ষী আয়ুক্ত সুবোধ সোণোৱালে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থানপ্ৰাপ্ত গুঞ্জানন বৰুৱা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ সপ্তম স্থানপ্ৰাপ্ত ৰমিন গগৈৰ সৈতে মত-বিনিময় কৰে আৰু দুই কৃতীমানকে অধীক্ষকগৰাকীয়ে ৫০০০ টকাকৈ এককালীন সাহায‍্য প্ৰদানৰ কথাও ঘোষণা কৰিছিল।

সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি শনিবাৰে আৰক্ষী অধীক্ষকগৰাকীৰ হৈ ডিমৌ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰুৱা আৰু সাংবাদিক শেখৰজ্যোতি দুৱৰীয়ে দুয়োগৰাকী ছাত্ৰক নগদ ৫,০০০ টকাকৈ অনুদান প্ৰদান কৰে। আৰক্ষী অধীক্ষক গৰাকীৰ এনে মহানুভৱতাক দুয়োগৰাকী শিক্ষাৰ্থীসহ পিতৃ-মাতৃৰ লগতে সমূহ ডিমৌবাসী ৰাইজে আৰক্ষী অধীক্ষক গৰাকীক তেওঁৰ উৎসাহপূৰ্ণ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।