দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব
সদনত দীঘলীয়া আলোচনাৰ অন্তত বুধবাৰে অসম বিধানসভাত অসম পঞ্চায়ত (সংশোধনী) বিধেয়ক ২০১৮’ গৃহীত হয়। সংশোধনী অনুসৰি দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।
ইতিমধ্যে দুটাতকৈ অধিক সন্তানৰ পিতৃ –মাতৃৰ ক্ষেত্ৰত এই চৰ্ত প্ৰযোজ্য নহ’ব। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত স্পষ্ট কৰি দিয়ে যে আইনখন জাৰি হোৱাৰ অধিসূচনা প্ৰকাশ পোৱাৰ দিনৰ পৰাহে এই চৰ্ত প্ৰযোজ্য হ’ব। সেইমতে অধিসূচনা জাৰি হোৱাৰ পিছত দুটাতকৈ অধিক সন্তান জন্ম দিয়া পিতৃ-মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।
বিজেপি বিধায়ক তপন গগৈয়ে অনা এক সংশোধনী অনুসৰি পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ পিছত যদি কোনো প্ৰতিনিধিৰ সন্তানৰ সংখ্যা যদি দুটাতকৈ অধিক হয় তেতিয়াহ’লে তেওঁৰ সদস্য পদ খাৰিজ হ’ব।
আনহাতে, পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলৰ ন্যুনতম শিক্ষাগত অৰ্হতাও নিৰ্দ্ধাৰণ কৰা হৈছে। সেই মৰ্মে গাওঁ পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী নিম্নতন ষষ্ঠ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। এইক্ষেত্ৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ অৰ্হতা নিৰ্দ্ধাৰণ কৰা হোৱা নাই।
গাওঁ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীৰ ন্যুনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ক্ষেত্ৰত এই পদৰ প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
আনহাতে, জিলা পৰিষদৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে এই পদৰ প্ৰাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
বিধানসভাত সাংসদ-বিধায়কৰো ন্যুনতম শিক্ষাগত অৰ্হতা নিৰ্দ্ধাৰণ কৰিব লাগে বুলি উত্থাপিত দাবী সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে তিনি-চাৰি দিনৰ ভিতৰতে বিৰোধী দলপতিৰ সৈতে আলোচনা কৰি সাংসদ-বিধায়কৰ শিক্ষাগত অৰ্হতা নিৰ্দ্ধাৰণ কৰি লোৱা হ’ব আৰু বিধানসভাত প্ৰস্তাৱ লৈ সেয়া দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।