NORTHEAST NOW (Assamese)
মেঘালয়

দুটা সমষ্টিৰ এটাৰ পৰাও মুকুল চাংমা জিকিব নোৱাৰে : নিৰ্বাচনী সভাত কনৰাড চাংমা

Posted by: চাইদুল খান February 16, 2018 7:38 pm
Conrad at Dagal

এন পি পিৰ শীৰ্ষনেতা কনৰাড চাংমাই আজি এখন নিৰ্বাচনী সভাত শাসনাধিষ্ঠিত কংগ্ৰেছৰ মুখ্য মন্ত্ৰী মুকুল চাংমাক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ চংচাক সমষ্টিৰ দগলত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত কংগ্ৰেছৰ নেতাজনক কটাক্ষ কৰি কয়, ‘মুকুল চাংমাই কৈছে যে তেওঁ গাৰো পাহাৰৰ সমতলত থকা ৰাস্তাবোৰ সম্পৰ্কত হ’মৱৰ্ক কৰি অহা নাই। কিন্তু এইটো জনা কথা যে পথবোৰৰ অৱস্থা অতি শোচনীয় আৰু তেওঁ ৰাষ্ট্ৰীয় পথ-১২৭বি ৰ স্বপ্ন দেখুৱাই আছে, যিটোৰ কোনো বাস্তৱ ভিত্তি নাই। মই মুকুলৰ বাবে দুখ প্ৰকাশ কৰিছো যে তেওঁ নিজৰ শ্ৰেণীকৰ্ম (classwork) কৰাতে ব্যৰ্থ হৈছে।’

উল্লেখযোগ্য যে আমপাতি সমষ্টিৰ বাদেও চংচাক সমষ্টিটোৰ পৰাও মুকুল চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোত এন পি পিৰ নিহিম ডি শ্বিৰা থিয় হৈছে।

আনহাতে মুকুল চাংমাই উন্নয়নৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া বলিউদৰ ফ্লপ চিনেমাৰ ট্ৰেইলাৰ বুলিও কটাক্ষ কৰে কনৰাড চাংমাই। আনহাতে মুকুল চাংমাই তেওঁক ‘মেমৰেণ্ডাম এম পি’ বুলি কটাক্ষ কৰা প্ৰসংগ উলিয়াই কনৰাড চাংমায়ে কয় যে মুকুল চাংমাই ভয়তে আবোল-তাবোল বকিছে। তেওঁৰ ক’ব লগীয়া আন একো নাই। সেয়ে মুখত যি আহে তাকে কৈছে বুলি কয়। তেওঁ মেঘালয়ৰ মানুহে কংগ্ৰেছৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে বুলি কয়।

 

কনৰাডে লগতে কয় যে কংগ্ৰেছৰ শাসনত মেঘালয়ৰ মানুহে বহুত ভুগিলে। এতিয়া মানুহ নিজৰ অধিকাৰ বিষয়ত সজাগ হোৱাৰ সময় আহিল। তেওঁলোকক নিৰাপত্ত, স্বাধীনতা আৰু অনুকূল পৰিৱেশ দিব পৰা চৰকাৰ নিৰ্বাচন কৰাৰ বাবে ভোট দিব।

তেওঁ নিজৰ দলৰ বিষয়ে কয় যে এন পি পিয়ে কোনো এটা বিশেষ অঞ্চলৰ উন্নয়ন নহয়, সামগ্ৰিকভাৱে মেঘালয়ৰ উন্নয়নৰ বাবে কাম কৰিব।

তেওঁ মুকুল চাংমাক এজন স্বেচ্ছাচাৰী তথা অহংকাৰী নেতা বুলি উল্লেখ কৰি কয় যে দলটোত চলা একনায়কত্বৰ বাবেই কংগ্ৰেছৰ পৰা এতিয়া বহুকেইজনে এন পি পিত যোগদান কৰিছে। বহুতো জ্যেষ্ঠ কংগ্ৰেছীয়ে পৰাজয়ৰ ভয়তে এইবাৰ নিৰ্বাচন খেলা নাই বুলিও কয় কনৰাড চাংমায়ে। আনহাতে তেওঁ আমপাতি আৰু চংচাক কোনোটো সমষ্টিৰ পৰাই মুকুল চাংমা নিজিকে বুলি দাবী কৰে।