NORTHEAST NOW (Assamese)

দুফাল হিন্দুত্ববাদী শিবিৰ! চৰকাৰী নিষিদ্ধতা নেওচি অসম অভিমুখে টোগাড়িয়া

July 15, 2018 6:15 pm · মুকুট দাস
Updated: July 15, 2018 6:55 pm

বিশ্ব হিন্দু পৰিষদৰ একালৰ সৰ্বেসৰ্বা নেতা তথা বৰ্তমান আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগাড়িয়াৰ নেতৃত্বত দেশৰ হিন্দুত্ববাদী শিবিৰ দুভাগত বিভক্ত হোৱাৰ সময়তে বিজেপি চৰকাৰৰ নিষিদ্ধতা নেওচি উগ্ৰ হিন্দুত্ববাদী নেতাজন অসমলৈ আহিবই বুলি ঘোষণা কৰি ৰুদ্ৰৰূপ ধাৰণ কৰিছে ৰাষ্ট্ৰীয় বজৰং দলে।

বিজেপি চৰকাৰৰ নিষিদ্ধতা উলংঘা কৰি অসমলৈ প্ৰবীণ ভাই টোগাড়িয়া আহিবই বুলিও ঘোষণা কৰিছে বজৰং দলে। ‘নিষিদ্ধতা সত্ত্বেও প্ৰবীণ টোগাড়িয়া নিশ্চিতভাৱে অসমলৈ আহিবই। অহা ১৮ আৰু ১৯ জুলাইত থকা আমাৰ অনুষ্ঠানৰ কাৰ্য্যসূচী কোনোপধ্যে সলনি নহয়,’ নৰ্থ ইষ্ট নাও-ক জনালে ৰাষ্ট্ৰীয় বজৰং দলৰ অসম শাখাৰ মিডিয়া সমন্বয়ক দীপজ্যোতি দাসে।

বিজেপি চৰকাৰৰ নিষিদ্ধতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজপথত মোদী-সোণোৱালৰ পুত্তলিকা জ্বলাই আজি ১৫ জুলাইত গুৱাহাটী প্ৰে’ছ ক্লাবৰ সন্মুখত গোপীনাথ বৰদলৈ পথ কিছুসময় অচল কৰি তোলে বজৰং দলৰ কৰ্মীসকলে।

‘টোগাড়িয়াই আহি বিজেপি চৰকাৰৰ বেয়া কামবোৰ উদঙাই দিয়াৰ ভয়ত’ হিন্দুত্ববাদী নেতাজনক নিষিদ্ধ কৰা হৈছে বুলি দাবী কৰি বজৰং নেতা দাসে লগতে কয় ‘আগৰখন চৰকাৰৰ পিছত এতিয়া বিজেপি চৰকাৰে টোগাড়িয়াক নিষিদ্ধ কৰিছে। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বিৰুদ্ধে এয়া চৰকাৰৰ সম্পূৰ্ণ ষড়যন্ত্ৰ।’

বজৰং দলে গুৱাহাটীৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড়, বৰপেটা আৰু বঙাইগাঁৱতো আজি প্ৰতিবাদ সাব্যস্ত কৰা বুলি দাসে লগতে জনায়।

Related News