NORTHEAST NOW (Assamese)
অসম

দুলীয়াজানত ডকাইতি কাৰ্যৰ চেষ্টা চলোৱা তথাকথিত দুই সাংবাদিকক আটক

Posted by: এন ই নাও নিউজ March 15, 2018 4:45 pm
এন ডি এফ বি(স)ৰ

দুলীয়াজানত এটা বৈদ্যুতিন মাধ্যমৰ দুজন তথাকথিত সাংবাদিকে ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰাৰ  লগতে এগৰাকী মহিলা আৰু নাবালিকাক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে দুলীয়াজানৰ তথাকথিত সাংবাদিক অজিত বৰা আৰু ভিডিঅ’ জাৰ্নেলিষ্ট দুলাল গগৈয়ে ক’লা কাপোৰ পৰিধান কৰি এটি বাসগৃহত প্ৰৱেশ কৰি ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা চলায়।

আনকি দুয়ো তথাকথিত সাংবাদিকে বাসগৃহটোত প্ৰৱেশ কৰি বাসগৃহটোৰ গৰাকী তথা এগৰাকী মহিলা আৰু তেওঁৰ জীয়ৰী তথা এগৰাকী নাবালিকাক শুই থকা অৱস্থাৰ পৰা চোঁচৰাই আনি মাটিত পেলাই আক্ৰমণ কৰে।

আনহাতে ঘটনাস্থলীত নাবালিকা গৰাকীৰ ককায়েক উপস্থিত হোৱাত দুয়ো দুৰ্বৃত্ত পলাবলৈ চেষ্টা কৰে। যদিও স্থানীয় একাংশ লোক একত্ৰিত হৈ দুয়ো দুৰ্বৃত্তকে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই দুলীয়াজান আৰক্ষীক গটাই দিয়ে।

আনহাতে তথাকথিত সাংবাদিক তথা দুই দুৰ্বৃত্তই প্ৰহাৰ কৰা নাবালিকা গৰাকী দুলীয়াজানৰ ৰাজালী টি ইষ্টেটৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ।

ইফালে আৰক্ষীয়ে দুয়ো তথাকথিত সাংবাদিকৰ ওপৰত জামিনবিহীন গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।