NORTHEAST NOW (Assamese)
অসম

দুৰ্গাপুৰত বন বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ ডালচেনি, কাঠ আৰু ঝাৰু

Posted by: উত্তম শইকীয়া June 4, 2018 10:37 pm

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাৰ সমীপৰ দূৰ্গাপুৰ গাঁৱত সোমাবাৰে বনবিভাগে এক বিশেষ অভিযান চলাই এজন ব্যক্তিৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণে মজুত কৰি ৰখা অবৈধ ডালচেনি, কাঠ আৰু ঝাৰু জব্দ কৰে।

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ আধাৰত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ নেতৃত্বত বনাঞ্চলিক বিষয়া জয়ন্ত দাসৰ অভিযানকাৰী দলে দুৰ্গাপুৰত অভিযান চলাইছিল।

অভিযানকালত দুৰ্গাপুৰ গাঁৱৰ নিৱাসী নীলমণি ভূঞা নামৰ লোকজনৰ বাসগৃহত অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ ডালচেনি, কাঠ আৰু ঝাৰু জব্দ কৰে।

বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে  জব্দ কৰা ডালচেনিৰ পৰিমাণ প্ৰায় ২ টন। অৱশ্যে অভিযানকাৰী দলটোৱে বাতৰি লিখা পৰলৈকে নীলমনি ভূঞাক গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।