NORTHEAST NOW (Assamese)
অৰুণাচল

দেওবাৰে পঞ্চম সংখ্যক উত্তৰ-পূব কাৰাটে চেম্পিয়নশ্বীপৰ শুভাৰম্ভণি

Posted by: এন ই নাও নিউজ December 18, 2017 10:46 am

অৰুণাচলৰ ইটানগৰৰ নিওকাম লাপাং খেল পথাৰত পঞ্চম সংখ্যক উত্তৰ-পূব কাৰাটে চেম্পিয়নশ্বীপ প্ৰতিযোগিতা দেওবাৰে জাক জমকতাৰে শুভাৰম্ভণি হয়। উত্তৰ-পূবৰ কাৰাটে খেলুৱৈ সকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে এই খেলৰ আয়োজন কৰা হোৱা বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। ত্ৰিপুৰাক বাদ দি বাকী ৭ খন ৰাজ্যৰ মুঠ ৫০০গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছে। উত্তৰ-পূবৰ কাৰাটে কমিটি সমূহক সহযোগিতা তথা একতা বজায় ৰাখিবলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুয়ে প্ৰতিযোগিতাৰ শুভ উদ্বোধনী ভাষণ প্ৰসংগত কয়। লগতে কয়, আমাৰ অৰুণাচলৰ যুৱকে ৰাষ্ট্ৰীয় তথা আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সময়ত উজলি উঠিছে আৰু ৰাজ্যিক কাৰাটে কমিটিয়ে খেলুৱৈ সকলক এনে সুন্দৰ সুযোগ দিয়াৰ বাবে ধন্যবাদৰ পাত্ৰ। অৰুণাচল প্ৰদেশৰ খেলৰ উন্নয়ন তথা খেলুৱৈৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে। ইয়াৰ উপৰি ইটানগৰত এখন ষ্টেডিয়াম আৰু অন্যান্য সা-সুবিধা কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ কথাও তেওঁ উল্লেখ কৰে। উল্লেখনীয় যে আয়োজক কমিটিক প্ৰতিযোগিতাখন সূচাৰুৰূপে চলাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ১০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। অনুষ্ঠানৰ শুভাৰম্ভণিৰ পূৰ্বে নৰ্থ ইষ্ট ষ্টেট কাৰাটে ফেডাৰেচন অব ইণ্ডিয়াৰ মুৰব্বী লিখা তাৰাই উত্তৰ-পূব তথা অৰুণাচলৰ কাৰাটে খেলুৱৈ সকলৰ সফলতাক উল্লেখনীয় বুলি অভিহিত কৰে।